বটদ্ৰৱাত দুই দৰিদ্ৰ ভাতৃলৈ সহায়ৰ হাত

0
131

বটদ্ৰৱাত দুই দৰিদ্ৰ ভাতৃলৈ সহায়ৰ হাত

সাংবাদিক ৰাহুল বৰদলৈ আৰু শিক্ষক মুকুন্দ শইকীয়াৰ সহায়ৰ হাত

আনহাতে সাহায্য আগবঢ়ালে স্থানীয় বিধায়িকা শিৱামনি বৰাই

আমাৰ সময়ঃ চৰকাৰ আহে আৰু চৰকাৰ যায়, আঁচনি আহে আঁচনি যায়,পিছে একাংশ দৰিদ্ৰই চাই থাকোতেই যায় ,ফলাফল একো নাপাই । প্ৰতিখন চৰকাৰে নিত্য নতুন আঁচনি ৰূপায়ন কৰে । পিছে সকলো হিতাধিকাৰীৰ নাম জানো অন্তৰ্ভুক্ত হয় সেই আঁচনিত ? তাৰেই জলন্ত প্ৰমাণ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ দুই সহোদৰ ভাতৃ খগেন হীৰা আৰু ভোগেশ্বৰ হীৰা ।
কোনোমতে জীৱন নিৰ্বাহ কৰি আছে ভাতৃদ্বয়ে ।ইতিমধ্যেই দুই ভাতৃৰ জীৱন সংগ্ৰামৰ বিষয়ে প্ৰচাৰ মাধ্যমৰ যোগে সবিস্তাৰে প্ৰচাৰ হৈছে । আজি জ্যেষ্ঠ সাংবাদিক ৰাহুল বৰদলৈৰ সহযোগত শিক্ষক মুকুন্দ শইকীয়াই দুই দৰিদ্ৰ ভাতৃক সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়ায়।সাংবাদিক বৰদলৈ আৰু শিক্ষক মুকুন্দ শইকীয়াই যুটীয়াভাবে গাঠিৰ ধনেৰে এখন কাঠৰ পালেং, তুলি, গাৰুকে ধৰি কিছু কাপোৰৰ লগতে কিছু খাদ্য সামগ্ৰীও যোগান ধৰে ।
উল্লেখ্য যে সংবাদ মাধ্যমৰ বাতৰি প্ৰচাৰৰ পাছতে আজি বটদ্ৰৱাৰ নৱ নিৰ্বাচিত বিধায়িকাগৰাকীও উপস্থিত হয় ভাতৃদ্বয়ৰ ওচৰত ।বিধায়িকা শিৱামনি বৰা উপস্থিত হৈ বৰ্তমানেও এনে পৰিৱেশত মানুহ থকাটো অতি দুখৰ বিষয় বুলি দুয়োৰে দুখৰ সমভাগী হৈ দুখ প্ৰকাশ কৰে ।বিধায়িকাগৰাকীয়ে শীঘ্ৰে তেওঁলোকক অন্ন,বস্ত্র আৰু বাসস্থানৰ পৰ্যাপ্ত ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ।তদুপৰি বৰ্তমান ক’ভিড মহামাৰীৰ দুৰ্যোগৰ সময়ত কিছুদিন চলিব পৰাকৈ খাদ্য সামগ্ৰীৰ লগতে নগদ ধন আগবঢ়ায়।অভাৱগ্ৰস্ত ভাতৃদ্বয়ে এনে বিপদৰ পৰা সামান্য উদ্ধাৰৰ মুখ দেখি আৰু জীয়াই থকাৰ নতুন আশাত আবেগৰ চকুলো টোকে ।

বটদ্ৰৱা,কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here