বটদ্ৰৱা থান সংযোগী গড়কাপ্তানী পথ নির্মাণত ব্যাপক অনিয়মৰ অভিযোগ

0
257

আমাৰ সময় ; ১২ডিচেম্বৰ : বটদ্ৰৱা থান সংযোগী গড়কাপ্তানী পথ নির্মাণত ব্যাপক অনিয়মৰ অভিযোগ। তদন্তৰ দাবী বটদ্ৰৱাবাসীৰ । বটদ্ৰৱা থান সংযোগী গড়কাপ্তানী মূল পথ নির্মাণত ব্যাপক অনিয়মৰ অভিযোগ । “অসম দৰ্শন” আচঁনিৰ অধীনত নিৰ্মাণ হৈছে এই পথটি । প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ২ কি: মি: দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণত দূৰ্নীতি সংঘটিত হোৱাত জাঙুৰ খাই উঠিছে বটদ্ৰৱাবাসীৰ লগতে বটদ্ৰৱা আঞ্চলিক ছাত্র সন্থা । পথচোৱা নিয়ম মতে নিৰ্মাণ নোহোৱা আৰু নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । গুৰুজনাৰ পৱিত্ৰ জন্মস্থানলৈ অহা ভকত বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই পথটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ আবন্টন দিছিল ধন । যি সময়ত ৰাজ্য চৰকাৰে বটদ্ৰৱা থানৰ উন্নতি কল্পে বিভিন্ন কায্য ব্যৱস্থা হাতত লৈছে সেই সময়তে থান সংযোগী গড়কাপ্তানী মূল পথটোৰ নিৰ্মানত দুৰ্নীতিৰ আশ্ৰয় লোৱাত ক্ষোভিত হৈ পৰিছে বটদ্ৰৱাবাসী । চলিত সপ্তাহতে বটদ্ৰৱা থানৰ ১৫৫ কোটি টকীয়া এক অভিলাষী প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰিবলৈ বটদ্ৰৱা থানলৈ আহিব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা । যাক লৈ বটদ্ৰৱাত সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিবেশ । ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ মূখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here