বাঁহেৰে সামগ্ৰী নিৰ্মাণ কৰি উজ্বলি উঠিছে ধিঙৰ এজন লোক

0
47

বাঁহেৰে সামগ্ৰী নিৰ্মাণ কৰি উজ্বলি উঠিছে ধিঙৰ এজন লোক

আমাৰ সময়ঃ কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত এতিয়া অৰ্ধ লকডাউন সদৃশ পৰিৱেশ । এনে পৰিস্থিতিত একাংশ লোক চিন্তিত হৈ পৰিছে জীৱন-জীৱিকাক লৈ ।তেনে সময়তে ধিঙৰ এজন যুৱকৰ উল্লেখনীয় পদক্ষেপ ।ধিঙৰ এজন উদ্যামী যুৱক ভৰত জ্যোতি দেবনাথ।যুৱকজনৰ ঘৰ ধিং বেটকাটীত।উদ্যমী যুৱকজনে বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে আটক ধুনীয়া সা-সামগ্রী ।এই ব্যতিক্ৰমী কামৰ জৰিয়তে যুৱকজনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে চ’ছিয়েল মিডিয়াতো বিশেষ চৰ্চা লাভ কৰিছে।ভৰত জ্যোতি পেছাত এজন গাড়ী চালক। যোৱা বাৰ লক ডাউনৰ সময়ত গাড়ী চলাবলৈ নোৱাৰি ঘৰতে তেওঁ ভিন্ন কামত ব্যস্ত হৈ পৰিছিল ।নিজকে আত্মনিয়োগ কৰিছিল বাঁহ-বেতৰ ভিন্ন সামগ্ৰী নিৰ্মাণ কৰাত ।তাৰ ভিতৰত অন্যতম আছিল কেৱল বাঁহেৰে তৈয়াৰ কৰা সত্ৰীয়া নৃত্যৰ পোছাক। যি পোছাক পৰিধান কৰি তেওঁৰ কন্যা সন্তানে বহু প্ৰতিযোগিতাত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি ।এইবাৰ ব’হাগ বিহুতো অসমীয়াৰ স্বভিমানস্বৰূপ গামোচাখন বাঁহেৰে নিৰ্মাণ কৰি ৰাইজৰ পৰা ভূঁয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।
বৰ্তমান লক ডাউনৰ সময়ছোৱাতো তেওঁ যোৱা এমাহ ধৰি নিজ ঘৰতে বাঁহেৰে কেতবোৰ সামগ্রী নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।এই সামগ্রীসমূহৰ ভিতৰত হ’ল মুঠি খাৰু,গাম খাৰু,মংগলসূত্ৰ আদিৰ ওপৰি চৰাই,পানী বটল, ফ্লাক্স, শৰাই, গীটাৰ আদি।একো একোটা বাঁহৰ ফ্লাক্স ৬০০ৰ পৰা ৭০০ টকাকৈ বিক্রি কৰি পোহপাল দিছে পৰিয়াল । এনেদৰে এতিয়া নিজ কৰ্মদক্ষতাৰে উজলি উঠিছে এইজন যুৱক ।

ধিং, আচিফ উল্লাহ মুজাদ্দী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here