বাৰিষাৰ পূৰ্বে গৰাখহনীয়াৰ ভয়াৱহ ৰূপ

0
72

বাৰিষাৰ পূৰ্বে গৰাখহনীয়াৰ ভয়াৱহ ৰূপ

আমাৰ সময়ঃ উত্তৰ অভয়াপুৰী আৰু জনীয়া সমষ্টিৰ সীমামূৰীয়া অঞ্চল ঘোৰামাৰা আৰু দলাগাছাত প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত নৈৰ বুকুত জাহ যায় শ শ বিঘা কৃষি ভূমি ।কৃষিভূমিৰ লগতে জাহ যায় বহু ঘৰবাৰী। কিন্তু কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব দিয়া নাই এই সমস্যাৰ প্ৰতি ।যাৰ বাবে উপায়ন্তৰ হৈ জনপ্ৰতিনিধিৰ ভৰসা বাদ দি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই ৰাইজে লাখ লাখ টকা সংগ্ৰহ কৰি গৰাখহনীয়া ৰোধৰ বাবে চলাইছে আপ্ৰাণ চেষ্টা ।
বৰপেটাৰ সাংসদ আব্দুল খালেকে গুৰুত্ব প্ৰদান কৰা নাই গৰাখহনীয়া সমস্যাৰ প্ৰতি ।সেই বাবে ৰাইজে নিজেই চেষ্টা চলাইছে গৰাখহনীয়া ৰোধৰ। বিগত দিনত জনপ্ৰতিনিধিসকলৰ পৰা প্ৰবঞ্চনাৰ বলি হৈছে ৰাইজ ।এইবাৰ নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ বিভাগৰ সু-দৃষ্টি কামনা কৰিছে ভূক্তভোগী ৰাইজে।

কোকিলা, ইয়াছিন আলী |

LEAVE A REPLY

Please enter your comment!
Please enter your name here