বিহু গীতৰ ৰাণী ভিতালী দাসলৈ শ্ৰদ্ধাঞ্জলি

0
181

বিহু গীতৰ ৰাণী ভিতালী দাসলৈ শ্ৰদ্ধাঞ্জলি

কন্ঠশিল্পীগৰাকীলৈ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ-সন্থাৰ শ্ৰদ্ধাঞ্জলি

আমাৰ সময়ঃ কৰ’ণা মহামাৰীয়ে দিশহাৰা কৰিছে সকলো লোকক। দিনক দিনে বৃদ্ধি পাইছে সংহাৰী ৰূপ । তাৰ মাজতে কৰ’ণাই কাঢ়ি লৈ গ’ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসক । শোকস্তব্ধ হৈ পৰিছে শিল্পী সমাজৰ লগতে অসমৰ সংগীত প্ৰেমী ।
ভিন্ন ঠাইত বহু লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিহু গীতৰ ৰাণী ভিতালী দাসলৈ। যোৱা শনিবাৰে সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থায়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কণ্ঠশিল্পীগৰাকীলৈ |
গোলাঘাট জিলা সমিতিৰ উদ্যোগত চান্দমাৰীস্থিত জিলা কাৰ্যালয়ৰ প্ৰাঙ্গনত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ন কৰে।
উক্তি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি দিপাংকৰ দাস,প্ৰাক্তন কেন্দ্ৰীয় সভাপতি পৰমানন্দ দাস,গোলাঘাট জিলা সম্পাদক প্ৰণৱ প্ৰতিম দাস,সাংগঠনিক সম্পাদক প্ৰহ্লাদ দাস,উপদেষ্টা বিশ্বেশ্বৰ দাসৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া ।

এনেদৰে এতিয়া ঠায়ে ঠায়ে শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি ভিন্নজনে যাচিছে শ্ৰদ্ধাঞ্জলি ।

আমাৰ সময়ৰ তৰফৰ পৰাও শিল্পীগৰাকীলৈ যাচিলোঁ শ্ৰদ্ধাঞ্জলি ।

দেৰগাঁও, নিৰঞ্জন দাস |

LEAVE A REPLY

Please enter your comment!
Please enter your name here