বিয়াঘৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰা বেণ্ড পাৰ্টীৰ এতিয়া কৰুণ অৱস্থা

0
124

বেণ্ড পাৰ্টীৰ বাদ্য শিল্পীৰ দুৰৱস্থা

বিয়াঘৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰা বেণ্ড পাৰ্টীৰ এতিয়া কৰুণ অৱস্থা

আমাৰ সময়ঃ বেণ্ড পাৰ্টী বুলিলেই মনলৈ আহে বিয়াঘৰৰ দৃশ্য । বিয়াঘৰত বেণ্ড পাৰ্টীৰ বাদ্যৰ তালে তালে নাচি উঠে দেহ-মন ৷ কিন্তু বিয়াঘৰৰ ৰভাতলী ভিন্ন বাদ্যৰে ৰজনজনাই থকা বেণ্ড পাৰ্টীৰ বাদ্য শিল্পীসকল বাৰু বৰ্তমান কেনে আছে ! যোৱা দুবছৰ ধৰি কৰ’ণাৰ কালৰূপৰ বাবে জাকজমকতাৰে অনুষ্ঠিত হোৱা নাই এখনো বিয়া ৷ কৰ’বাত এখন-দুখন বিয়া অনুষ্ঠিত হৈছে যদিও সেয়া চৰকাৰী নীতি-নিয়ম মানি খুব কম সংখ্যক লোকৰ উপস্থিতিত সম্পন্ন হোৱা দেখা গৈছে ৷ কৰ’ণাৰ কালগ্ৰাসৰ পৰা সাৰি যোৱা নাই এই বেণ্ড পাৰ্টীৰ লোকসকল ৷এই দৃশ্য বঙাইগাঁও জিলাৰ চাৰিপুনীয়াৰ দুটা বেণ্ডপাৰ্টী দলৰ । মিলিজুলি বেণ্ডপাৰ্টী দল আৰু ভাইভাই বেণ্ডপাৰ্টী দলৰ দুৰৱস্থাৰ ছবি এইয়া ৷
বেণ্ড পাৰ্টী বাদ দি এতিয়া কোনোৱে হাজিৰা কৰি দিন কটাইছে আৰু কোনোৱে দোকান দি পৰিয়াল পোহপাল দিছে ।

আঙুলিৰে সুৰ সৃষ্টি কৰা এইসকল শিল্পী এতিয়া চিন্তিত অনাগত ভৱিষ্যতক লৈ ৷ কোনোবাই যদি ২৫বছৰ,আন কোনোবাই আকৌ ৪৫ বছৰ ধৰি বেণ্ড পাৰ্টীত থাকিয়েই জীৱন নিৰ্বাহ কৰিছে ৷ কিন্তু এই দুবছৰৰ দৰে বিপৰ্যয় তেওঁলোকৰ জীৱনলৈ অহা নাছিল ৷ তেওঁলোকৰ আশা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ গাঁৱে-ভূঞে সিঁচৰিত হৈ থকা এই বেণ্ড পাৰ্টী দলৰ শিল্পীসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিব । লগতে বেণ্ড পাৰ্টী পৰম্পৰাক জীয়াই ৰাখিবৰ বাবে তেওঁলোকক সাহস দিব বুলি আশা প্ৰকাশ কৰিছে | এতিয়া এইসকল শিল্পীৰ ক্ষেত্ৰত চৰকাৰে কি ব‍্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব সময়তহে হ’ব লক্ষণীয়।

বঙাইগাঁও, অনুপ জ্যোতি দাস

LEAVE A REPLY

Please enter your comment!
Please enter your name here