ব্ৰহ্মপুত্ৰৰ  খহনীয়াৰ গ্ৰাসত তিনি শতাধিক পৰিয়াল

0
61

ব্ৰহ্মপুত্ৰৰ  খহনীয়াৰ গ্ৰাসত তিনি শতাধিক পৰিয়াল

আমাৰ সময়ঃ কৰ’ণাৰ বিপদ অন্ত নহওঁতেই নামি আহিল আন এক বিভীষিকা । বিগত কিছুদিনৰ পৰা অসম-অৰুণাচলত হৈ থকা বৰষুণৰ ফলত বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ক্ৰমাৎ বৃদ্ধি হোৱা জলৰাখিয়ে নিদ্ৰা হৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি তথা নৈপৰীয়া ৰাইজৰ ।উত্তৰ অসমৰ ধেমাজি জিলাৰ চমকং গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱলৈ যেন অমানিশা নমাই আনিছে গৰাখহনীয়াই । সেই গাঁওসমূহৰ ভিতৰত চেঙাজান গোৱাল গাঁও, চৰাং চিৰি, স্বপ্না, কৈৱৰ্ত গাঁও , লম্ভা মিলনপুৰ, লম্ভা মিছিং গাঁও আদি উল্লেখযোগ্য ।এই গাঁওসমূহৰ তিনিশতকৈ অধিক পৰিয়াললৈ কাল অমানিশা নমাই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ।ইয়াৰে চেঙাজান গোৱাল গাঁও আৰু চৰাং চিৰি গাঁৱৰ এশতকৈ অধিক পৰিয়াল অত্যাধিক ক্ষতিগ্ৰস্ত হৈছে । বিঘাই-বিঘাই মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত।
এইদৰে দিনে-নিশাই খহনীয়া অব্যাহত থাকিলে অচিৰেই  মাজৰবাৰী, পানবাৰী, দেউৰী ঘাট, কুলাজানৰ নামনি অঞ্চলসমূহৰ নৈপৰীয়া ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰিছে স্থানীয় গঞাই । লগতে নতুন চৰকাৰখনৰ প্ৰতি আস্থা ৰাখি জলসম্পদ  বিভাগক সময় থাকোতে  সঠিকভাবে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায় স্থানীয় লোকসকলে ।

চিলাপথাৰ, বিকাশ শইকীয়া ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here