বৰছলাত ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

0
62

বৰছলাত ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

আমাৰ সময়ঃ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ বৰছলা আৰক্ষীৰ বৃহৎ অভিযান ৷ মৰিগাঁও জিলাৰ বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকে আটক কৰে উত্তৰ গৰৈমাৰীৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক । এক গোপন সূত্ৰৰ পম খেদি হাৰোন ৰশিদক বৃহস্পতিবাৰে তেওঁৰ ঘৰৰ পৰা কিছু নিলগত আটক কৰে ।বাঁহনীৰ তলত বহি মাৰাত্মক ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ আনহাতে তেওঁৰ লগত থকা আন চাৰি-পাঁচজন সৰবৰাহকাৰী পলাই সাৰিবলৈ সক্ষম হয়। উক্ত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ২১টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এখন বাইক জব্দ কৰে আৰক্ষীয়ে । জব্দকৃত R15 বাইকখনৰ নম্বৰ হৈছে AS 21 H 9978 । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে প্ৰায় ৪মাহ আগতে এইজন ড্ৰাগছ সৰবৰাহকাৰীক 497/20 u/s 21(b) নম্বৰৰ গোচৰত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল। এনেদৰে এতিয়া ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here