মানৱ কল্যাণৰ বাবে বটদ্ৰৱাত পালনামসেৱা

0
132

গুৰুজনাৰ জন্মস্থানত পালনাম
দহজন ভকতে সম্পন্ন কৰে এই পালনামসেৱা
মানৱজাতিৰ কল্যাণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা ভকতৰ

আমাৰ সময়ঃ চৌদিশে এতিয়া কৰ’ণাৰ সংহাৰ । কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ অন্ত পৰাৰ কামনাৰে ৩৬৫ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষাৰে বটদ্ৰৱা থানত অনুষ্ঠিত হয় পালনামসেৱা । উল্লেখযোগ্য যে শলগুৰি সত্রই প্ৰতি বছৰে একাদশী তিথিৰ পৰা চতুৰ্দশী তিথিলৈকে অনুষ্ঠিত কৰি আহিছে এই পালনামসেৱা । এই পৰম্পৰা ৰক্ষা কৰি মঙলবাৰে অনুষ্টুপীয়াকে অনুষ্ঠিত হয় পালনামসেৱা ।

       
বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি একাদশী তিথিৰ পৰা চতুৰ্দশী তিথিলৈকে নাম ৰখাৰ পাছত আজি পূৰ্ণিমা উপলক্ষে দুপৰীয়া পালনামৰ সামৰণি পৰে। সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি পূৰ্নিমা উপলক্ষে আজি দহজন ভকতে পুৱা প্ৰসংগ কৰাৰ পাছত দুপৰীয়া কীৰ্তন পৰিৱেশন কৰে। শেষত ভকতসকলে বিশ্বৰ মানৱজাতিৰ কল্যাণৰ বাবে মাঙ্গলিক হৰিধ্বনিৰে প্ৰাৰ্থনা জনাই নেদেখাজনৰ ওচৰত ।

বটদ্ৰৱা, কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here