মুক্তি পালে জুবিন গাৰ্গৰ চিলা এলবামৰ তৃতীয়টো গীত অগ্নি বীণাৰ তান

0
221

আমাৰ সময় ; ১৮ ডিচেম্বৰ : মুক্তি পালে জুবিন গাৰ্গৰ চিলা এলবামৰ তৃতীয়টো গীত অগ্নি বীণাৰ তান |ইতিপূৰ্বে জুবিন গাৰ্গৰ চিলা এলবামৰ দুটি গীতে শ্ৰোতা-দৰ্শকৰ মন পুলকিত কৰি তুলিছে। উল্লেখ্য যে ধ্বনি ৰেকৰ্ডছৰ বেনাৰত যোৱা ১৮ অক্টোবৰত চিলা এলবামটিৰ শীৰ্ষ গীতটি মুকলি কৰা হৈছিল । আৰু বৰ্তমানে ৭ মিলিয়নতকৈ অধিক ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে গীতটিয়ে। চিলা শীৰ্ষক গীতটিৰ পাছত যোৱা ১৮ নৱেম্বৰ তাৰিখে এলবামটিৰ উভতি চোৱা শীৰ্ষক দ্বিতীয়টো গীত মুক্তি দিয়া হয় । সেই গীতটিয়েই শ্ৰোতা-দৰ্শকৰ বিপুল মৰম লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে এমাহৰ অন্তত আজি পুনৰ চিলা এলবামটিৰ তৃতীয়তো গীত মুকলি কৰা হ’ল । অগ্নি বীণাৰ তান শীৰ্ষক গীতটি মুকলি কৰাৰ লগে লগে শ্ৰোতা-দৰ্শকৰ মন মুহিছে গীতটিয়ে । উল্লেখযোগ্য যে অসম কেশৰী খ্যাত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এটি কবিতা গানলৈ ৰূপান্তৰিত কৰিছে জুবিন গাৰ্গে । কবিজনাৰ জন্মদিনত তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ‘কা’ আন্দোলনত শ্বহীদ হোৱা চেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম, দ্বীজেন্দ্ৰ পাংগিংলৈয়ো শ্ৰদ্ধা নিবেদন কৰি চিৰসেউজ কবিতাটিক পুনৰ জীপাল কৰি তুলিছে শিল্পীগৰাকীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here