মুখেৰে অংকন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছবি

0
87

মুখেৰে অংকন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছবি
Asia Book of Records আৰু India Book of Recordsত স্থান দখল সৌৰভৰ

আমাৰ সময়ঃ চিৰাঙৰ বাসুগাঁৱৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰতিভা ৷ মুখেৰে আঁকি উলিয়ালে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ছবি ৷ হাতৰ সলনি মুখেৰে ৰং তুলিকা লৈ ওলোটাকৈ ছবি অংকন কৰিলে ইজন বাসুগাঁৱৰ প্ৰতিভাৱান যুৱক সৌৰভ মণ্ডলে ৷ বাসুগাঁও সুভাষ নগৰ নিবাসী সাধন মণ্ডলৰ পুত্ৰ সৌৰভ মণ্ডল । ইতিমধ্যে YOUTUBE , FACEBOOK আদি সামাজিক মাধ্যমৰ জৰিয়তে বহুল প্ৰচাৰ লাভ কৰিছে ছবিখনে । তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই ছবিখনে । মুখ্যমন্ত্ৰী ড° শৰ্মাই টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে সৌৰভক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ সৌৰভে সৰুৰে পৰাই ছবি অংকন কৰি ভাল পাইছিল ৷ ছমাহ পূৰ্বে নিউয়ৰ্কৰ বিশেষভাৱে সক্ষম চিত্ৰশিল্পী এজনৰ চিত্ৰাংকণৰ প্ৰতি আকৰ্ষিত হৈছিল সৌৰভ ৷তেতিয়াৰ পৰাই মুখেৰে ওলোটাকৈ ছবি আঁকিবলৈ ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লয় সৌৰভ মণ্ডলে ৷ সৌৰভে ইতিমধ্যে ভাৰতৰ বহু বৰেণ্য ব্যক্তিৰ ছবি এইদৰে আঁকিবলৈ সক্ষম হৈছে ৷ সৌৰভে ব্যতিক্ৰমী চিত্ৰ অংকণ কৰি Asia Book of Records আৰু India Book of Records ত স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ WORLD RECORDSৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি অনুশীলন অব্যাহত ৰাখিছে এইজন প্ৰতিভাৱান যুৱক সৌৰভে । আমাৰ সময়ৰ তৰফৰ পৰাও সৌৰভলৈ থাকিল অলেখ শুভকামনা ।

চিৰাং, হেমলেট চন্দ্ৰ ৰায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here