মৈৰাবাৰীত বৃক্ষৰোপন,চেনিটাইজেচন আৰু মাস্ক বিতৰণ

0
78

মৈৰাবাৰীত বৃক্ষৰোপন,চেনিটাইজেচন আৰু মাস্ক বিতৰণ

দুৰাবান্ধী নৱজ্যোতি ক্লাৱৰ উদ্যোগত এই প্ৰশংসনীয় পদক্ষেপ

আমাৰ সময়ঃ মৰিগাঁও জিলাৰ দুৰাবান্ধী গাঁৱত নৱজ্যোতি ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ ।আজি পুৱা ৯ বজাত গাঁওখনৰ ভিন্নজন লোকক বিতৰণ কৰা হয় মাস্ক । ইয়াৰ পিছত ঠাইখনৰ ভিন্ন প্ৰান্তত কৰা হয় চেনিটাইজেচন । এই কাৰ্যসূচীৰ লগতে বৃক্ষৰোপন কাৰ্যসূচীৰো ৰূপায়ন কৰে নৱজ্যোতি ক্লাৱে ।উল্লেখ্য যে দুৰাবান্ধী গাঁৱৰ বিদ্যালয়,উপস্বাস্থ্য কেন্দ্ৰৰ লগতে দোকান-পোহাৰত চেনিটাইজেচন আৰু বৃক্ষ ৰোপন কৰি পথচাৰিক বিতৰণ কৰা হয় একোখনিকৈ মাস্ক । সকলোকে বিনামূলীয়া মাস্ক বিতৰণ কৰাৰ লগতে অঞ্চলটোৰ ঘৰে ঘৰে গৈ সৃষ্টি কৰে কৰ’ণা সজাগতা ।
উক্ত কাৰ্য্যসূচীত মৈৰাবাৰী এফ আৰ ইউ ৰ চিকিৎসক আশ্ৰাফুল ইছলাম, মুস্তাফিজুৰ ৰহমান, সমাজসেৱক হাচেন আলীৰ লগতে দুৰাবান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হাছিম মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক শ্বৰিফুল হক আৰু দুৰাবান্ধী নৱজ্যোতি ক্লাৱৰ সম্পাদক জইদুল ইছলামৰ লগতে আন বহু লোকে সহযোগিতা আগবঢ়ায় ।

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here