মৈৰাবাৰীৰ গলিয়ে গলিয়ে ভৰি পৰিছে ড্ৰাগছ আসক্ত

0
76

মৈৰাবাৰীৰ গলিয়ে গলিয়ে ভৰি পৰিছে ড্ৰাগছ আসক্ত

আমাৰ সময়ঃ এফালে নগাঁও আৰক্ষী অধীক্ষকৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান আনফালে মৰিগাঁও জিলাৰ দাঁতিকাষৰীয়া মৈৰাবাৰীত ৰাইজৰ আদালতত চূড়ান্ত শাস্তি প্ৰদান এজাক ড্ৰাগছ আসক্তক।ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ ক্ৰয়ৰ বাবে লৈছে চৌৰ্য্য বৃত্তি। পথাৰৰ গৰু-ছাগলী, গাড়ীৰ টায়াৰ পৰ্যন্ত চুৰ কৰি ড্ৰাগছ সেৱনৰ প্ৰতিযোগিতাত নামিছে স্কুল-কলেজৰ একাংশ ছাত্ৰ ।অভাৱনীয় হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহকাৰী সংখ্যা ।ড্ৰাগছ সেৱনকাৰীক ৰাইজৰ ঔ কিল । যিয়ে যেনেদৰে পাইছে মাথোঁ বাহুৰ বলেৰে ড্ৰাগছ আসক্তক ধৰি চৰিয়াইছে, কিলাইছে ।
এনেদৰে এতিয়া ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত ।এনে ঘটনাৰ পিছত আৰক্ষীয়ে এই ড্ৰাগছ সৰবৰাহকাৰীৰ মূল ঘাটি উৎখাত কৰাৰ ক্ষেত্ৰত কি ভূমিকা লয় সেয়াহে হ’ব লক্ষণীয় ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here