মৰঙীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ

0
261

আমাৰ সময় ; নিৰঞ্জন দাস ; ২২ নৱেম্বৰ : মৰঙীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ মৰঙীৰ পথাৰত শ শ হাতীৰ জাক । গভীৰ নিদ্ৰাত বন বিভাগ।দিন ৰাতি সমানে মৰঙীৰ ধাননি পথাৰত অৱস্থান লৈছে বনৰীয়া হাতীয়ে । গোলাঘাটৰ মৰঙীৰ শ শ বিঘা কৃষি পথাৰ তহিলং কৰিছে হাতীৰ জাকটোৱে ।
এই দৃশ্য মৰঙীৰ তেলিয়া গাঁও আৰু ঢলাকচাৰী অঞ্চলৰ । কি দিন, কি ৰাতি ৷ সকলো সময়তে বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাইছে মৰঙীৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত । পুৰাবাংলা পথাৰ, মিৰিপথাৰ , গিদিবস্তি , চুমনী , হালোৱা গাঁৱৰ পকা ধাননি পথাৰো তহিলং কৰিছে এই বৃহৎ হাতীৰ জাকটোৱে ৷ বন্য হস্তীৰ জাকটোক খেদিবলৈ অপ্ৰাণ চেষ্টা কৃষকৰ। কিন্ত কাণ-সাৰ নাই বন বিভাগৰ ৷ বাৰে বাৰে অনুৰুধ কৰাৰ পিছতো হাতীৰ জাকটোক খেদি পঠোৱাৰ কোনো চেষ্টাই নকৰিলে বন বিভাগে ৷ বছৰটোৰ ফচল হেৰুৱাৰ উপক্ৰম হোৱা কৃষক এতিয়া দিশহাৰা হৈ পৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here