মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্রী

0
69

মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্রী

চলিত মাহতেই ১৯খনকৈ ICU বেডৰ কাম সম্পন্নৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ

আমাৰ সময়ঃ কৰ’ণাৰ এই জটিল ক্ষণত তৎপৰ হৈ হৈ পৰিছে প্ৰশাসন কিম্বা সংশ্লিষ্ট বিভাগ । ইখনৰ পিছত সিখনকৈ ঠাই পৰিদৰ্শন কৰি বুজ লৈছে পৰিস্থিতিৰ । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো লৈছে পৰিদৰ্শন কৰিছে চিকিত্সালয়সমূহ । আজি মৰিগাঁও জিলাতো অভিভাৱক হিচাপে জিলা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে জলসম্পদ মন্ত্র‌‌‌ী পিযুষ হাজৰিকা ।মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদর্শন কৰি ক’ভিড ৰোগীসকলৰ সকলো সমস্যাৰ কথা বুজ লয় দুয়োগৰাকী মন্ত্ৰীয়ে ।আনহাতে চলিত মাহৰ ৩০ তাৰিখৰ ভিতৰত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ১৯ খন বেডৰ আই চি ইউ নিৰ্মাণৰ কাম শেষ কৰিবলৈ মৰিগাঁও স্বাস্থ্য যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে।
আনহাতে জিলা উপায়ুক্ত কার্য্যালয়ত উপস্থিত হৈ জিলাখনৰ কেইবাটাও সমস্যাৰ বিষয়েও আলোচনাত মিলিত হয় ।জিলাখনৰ বান সমস্যা , মথাউৰি নিৰ্মাণৰ সমস্যাৰ ওপৰতো জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,জলসম্পদৰ বিভাগীয় বিষয়া আৰু স্বাস্থ্য বিষয়া সকলৰ লগত এক পৰ্যালোচনা কৰে । আনহাতে স্বাস্থ্যমন্ত্রীগৰাকীয়ে সাত দিনৰ ভিতৰত সকলো বিভাগীয় কর্তৃপক্ষক নিজৰ নিজৰ প্রতিবেদন দাখিল কৰিবলৈ আহ্বান জনায় ।মন্ত্রী দুগৰাকীক সংগ দিয়ে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,লাহৰিঘাট সমষ্টিৰ বিধায়ক ডঃ আছিফ নাজাৰ ।

মৰিগাঁও,পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here