মৰিগাঁৱৰ তেলাহীত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ

0
51

মৰিগাঁৱৰ তেলাহীত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ

আমাৰ সময়ঃ দৈনিক বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা । নিতৌ আৰক্ষীৰ জালতো পৰিছে ড্ৰাগছৰ সৈতে জড়িত বহু সংখ্যক লোক । তৎসত্বেও দৈনিক বাতৰি আহিছে ড্ৰাগছৰ বিৰুদ্ধে । এইবাৰ মৰিগাঁও জিলাৰ তেলাহীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলে ৰাইজে ।ৰ্দীঘদিন ধৰি মৈৰাবাৰীৰ পলাশজাৰিৰ পৰা আহি তেলাহী অঞ্চলত চলাইছিল ড্ৰাগছৰ বেহা । মাইনুল হক ওৰফে মহন্ত আৰু তেওঁৰ সহযোগী নাছৰিন চুলতানাক ড্ৰাগছসহ হাতে-লোটে ধৰে ৰাইজে । তেলাহী নাৰমাৰিৰ ৰাইজে ৩০ টা ড্ৰাগছৰ কণ্টেইনাৰসহ ধৰা পেলোৱাৰ পিছত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।
এই ঘটনাৰ কিছু সময়ৰ পিছতে আহি ধৰমতুল আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত । পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ড্ৰাগছ ব্যৱসায়ীক ধৰমতুল থানালৈ লৈ যায় আৰক্ষীয়ে । পৰৱৰ্তী সময়ত ঘটনাই কেনে মূৰ লয় সেয়াহে হ’ব লক্ষণীয় ।

মৰিগাঁও, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here