মৰিগাওঁ জিলাক গছগাঁও হিচাপে নির্মাণ কৰাৰ লক্ষ্য

0
142

মৰিগাঁও হৈ পৰিব নেকি গছগাঁও

কিন্তু কিয় আৰু কেনেকৈ !

 আমাৰ সময়ঃ কৰ’ণাৰ সংহাৰৰ মাজতে এটা ভাল খবৰ । এই ভাল খবৰ মৰিগাঁওবাসীৰ বাবে ।মৰিগাওঁ জিলাক গছগাঁও হিচাপে নির্মাণ কৰা লক্ষ্য । নামত নহয় কামেৰ জৰিয়তেহে হ’ব গছগাঁও । কিয়নো একাংশ প্ৰকৃতিপ্ৰেমীয়ে মৰিগাঁৱৰ ভিন্ন প্ৰান্তত গছপুলি বিতৰণ কৰি সেউজ মৰিগাঁও গঢ়ি গছগাঁৱলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে জিলাখনক । প্ৰকৃতিপ্ৰেমী মঞ্চ, জীৱন জেউতী যুৱক সংঘ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই ব্যতিক্ৰমী পদক্ষেপ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উপ সভাপতি বসন্ত ডেকাৰ পৰিকল্পনাত জিলাখনৰ ভিন্ন ঠাইত গছপুলি বিতৰণ । কুলৈ আঞ্চলিক সামাজিক বনানিকৰণ বিভাগৰ তত্বাৱধানত এই অভিনৱ কাৰ্যসূচী । জিলাখনৰ বাছানাঘাট, খান্দাজান, ঔজাৰি, চাৰণপাৰ, বঘৰা, ঘোলিগাঁও, কুমৈ, তৰাণিকলবাৰী আদি গাঁৱত ৰাজহুৱাভাবে বিতৰণ কৰে গছপুলি ।
এই অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰি বকুল, নাহৰ, মহানিম, আমলখী, জলফাই আদি বহু মূল্যবান গছৰ পুলি বিতৰণ কৰে অঞ্চলসমূহত । এই প্ৰকৃতিপ্ৰেমী দলটোক সহযোগ কৰে অঞ্চলবাসীয়ে । আনহাতে এই কার্যসূচীৰ মাজতে বঘৰাৰ লাট গাঁওবুঢ়া ৰজত মেধি আৰু VDPৰ সম্পাদিকা বীণা হীৰালৈ একোখনকৈ ফুলাম গামোচা আগবঢ়োৱাৰ লগতে বৃক্ষৰোপনৰ বাবে আগবঢ়ায় গছপুলি । ইয়াৰ পূৰ্বেও তেওঁলোকে সেউজ আৰু সুস্থ পৰিৱেশৰ বাবে ৰোপন কৰিছে বহু গছপুলি । তদুপৰি মহামাৰী কৰ’ণাৰ প্ৰতি সজাগ কৰাৰ লগতে মৰিগাঁওবাসী ৰাইজে যাতে অন্ততঃ এটাকৈ হ’লেও গছপুলি ৰোপণ কৰে তাৰ বাবে আহ্বান জনায় প্ৰকৃতিপ্ৰেমী দল-সংগঠনসমূহে ৷আনহাতে কোনো বিশেষ কাৰণ নোহোৱাকৈ গছ নাকাটিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে যধেমধে গছ কটা লোকৰ ক্ষেত্ৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগ আৰু চৰকাৰৰ ওচৰত আহ্বান ।

মৰিগাঁও, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here