মৰিগাওঁ জিলাৰ কংগ্ৰেছ ভৱনত সাংসদৰ ক’ভিড সেৱা কেন্দ্ৰ মুকলি

0
59

মৰিগাওঁ জিলাৰ কংগ্ৰেছ ভৱনত সাংসদৰ ক’ভিড সেৱা কেন্দ্ৰ মুকলি

ক’ভিড সন্দৰ্ভত যিকোনো সহায় আগবঢ়াব এই সেৱা কেন্দ্ৰই

আমাৰ সময়ঃ ৰাজ্যত আংশিকভাৱে অব্যাহত আছে কৰ’ণাৰ দ্বিতীয় লহৰ । তেনে সময়তে সাংসদ প্ৰদ্যুত বৰদলৈৰ উল্লেখনীয় পদক্ষেপ । নগাঁও লোকসভা সাংসদৰ পুঁজিৰ পৰা আজি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত মুকলি ক’ভিড সেৱা কেন্দ্ৰ। এই সেৱা কেন্দ্ৰত মুকলি কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে । এই ক’ভিড সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদ্যুত বৰদলৈ, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ নাজাৰ লগতে উপস্থিত থাকে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ অন্যান্য কৰ্মীসকল ।
উল্লেখযোগ্য যে অতিমাৰীয়ে ভয়াৱহ ৰূপ লোৱা সকলো সময়তে সাংবাদিকসকলে নিষ্ঠা আৰু নিৰপেক্ষভাবে আগবঢ়ায় আহিছে সংবাদ সেৱা । সেৱা সাংবাদিকসকলৰ সহায় হোৱাকৈ সাংসদগৰাকীয়ে বিতৰণ কৰে কিছু সামগ্ৰী । আনহাতে এই ক’ভিড সেৱা মুকলি কৰি আগবঢ়াইছে দুটাকৈ হেল্পলাইন নম্বৰ । নম্বৰ দুটা ক্ৰমে 8486856416 আৰু 939408113
দুখীয়া লোকসকলক সকলো সময়তে সকলো প্ৰকাৰে সহায়ৰ হাত এই সেৱা কেন্দ্ৰই আগবঢ়াব বুলি জানিবলৈ দিয়ে সাংসদ প্ৰদ্যুত বৰদলৈয়ে । তদুপৰি যিসকল লোক ক’ভিড আক্ৰান্ত হৈ ঘৰতে আৱদ্ধ হৈ থাকে আৰু খাদ্য সংকটত ভোগে তেওঁলোকলৈয়ো খাদ্য তথা ৰেচন যোগান ধৰিব সাংসদৰ ক’ভিড সেৱা কেন্দ্ৰই ।

মৰিগাওঁ, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here