মৰিয়ণিত গ্ৰন্থ উন্মোচন – amarxomoy

0
492

আমাৰ সময় ;আদিত্য নন্দন কোচ ; ২০ নৱেম্বৰ : মৰিয়ণিত গ্ৰন্থ উন্মোচন ৷ মৰিয়ণিৰ জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ত গ্রন্থ উন্মোচনী সভা | মৰিয়ণিত গ্ৰন্থ উন্মোচন ৷ যোৱা ১৯ নৱেম্বৰত মৰিয়ণিৰ অগ্ৰণী শিক্ষানুষ্ঠান জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ত এখন মনোজ্ঞ গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হয় |
জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে আয়োজন কৰা উক্ত অনুষ্ঠানত কবি
থানেশ্বৰ বৰাৰ কাব্য গ্ৰন্থ “বসন্তৰ মালিতা” উন্মোচন কৰা হয় |
বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ আতঁ ধৰে ৰাজ্যিক কৃতি শিক্ষক নগেন গগৈয়ে ৷ সভাত উপস্থিত থাকে মৰিয়ণি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ভপেন্দ্ৰনাথ গোস্বামী, সমাজকৰ্মী ফণী গগৈ, প্ৰাক্তন শিক্ষক লক্ষেশ্বৰ গগৈ, প্ৰেমধৰ গগৈ, সংবাদ কৰ্মী লক্ষ্মীনন্দন কোঁচকে আদি কৰি বহুতো গন্য-মান্য ব্যক্তি ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here