যাতায়াতৰ একমাত্ৰ মাধ্যম বাঁহৰ দলংখনো উটি গ’ল আই নদীৰ বুকুত

0
148

যাতায়াতৰ একমাত্ৰ মাধ্যম বাঁহৰ দলংখনো উটি গ’ল আই নদীৰ বুকুত

আই নদীৰ বাঢ়নী পানীয়ে জলা-কলা খুৱাইছে বৰঘোলা কাহিবাৰীৰ লোকসকলক

আমাৰ সময়ঃ চমু চাপিছে বাৰিষা কাল । কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ । উফন্দি উঠিছে নৈৰ বুকু । আশংকাত ভূগিছে নৈপৰীয়া ৰাইজ । একেদৰে আই নদীৰ পাৰৰ লোকসকলকো জলা-কলা খুৱাইছে আই নদীৰ বাঢ়নী পানীয়ে । বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ আইনদীৰ ওপৰত বৰঘোলা কাহিবাৰী পাৰঘাটৰ এখন বাঁহৰ দলং । যিখনেৰে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে দৈনিক অহা-যোৱা কৰে এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ । তেনে পৰিস্থিতিত ফেনে-ফুটুকাৰে বাঢ়িবলৈ ধৰা আই নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় বাঁহৰ দলংখন । আনহাতে বাঁহৰ দলংখনৰ ওপৰত দুজন ব্যক্তি আৱদ্ধ হৈ পৰা দৃশ্য বন্দী হয় কেমেৰাত।
উল্লেখ্য যে আই নদীৰ ওপৰত ৪৮০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙৰ কাম ২০০৯ চনতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুন গগৈদেৱে ৪০ কোটি ৪৪ লাখ টকাৰ ব্যয় সাপেক্ষে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল । ২০১৮ চনত দলঙৰ কাম সম্পূৰ্ণ হয় যদিও আই নদীৰ গৰাখহনীয়া আৰম্ভ হোৱাত পকী দলংখনৰ পূব অংশ ভাগি পৰে নদীৰ মাজভাগত । ইয়াৰ পিছত আজিলৈকে দৃষ্টি নপৰিল বিভাগীয় কৰ্তৃপক্ষৰ । উপায়হীন হৈ বাঁহৰ দলঙেৰে শ শ লোকে যাতায়াত অব্যাহত ৰাখিছিল যদিও দলংখন বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাত যন্ত্ৰ চালিত নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবল’গীয়া হৈছে লোকসকলে । সুযোগ বুজি লেছীয়ে অত্যাধিক ভাড়া লোৱাৰ অভিযোগ উঠিছে । সেয়ে নতুন চৰকাৰ তথা স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক ব্যৱস্থা ল’বলৈ দাবী জনাইছে অঞ্চলবাসীয়ে ।

বঙাইগাঁও, ইয়াছিন আলী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here