লাহৰিঘাটত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াৱহ ৰূপ

0
77

লাহৰিঘাটত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াৱহ ৰূপ

প্ৰতিদিনে লুইতৰ বুকুত জাহ গৈছে বিঘাই বিঘাই মাটি

আমাৰ সময়ঃ ৰাজ্যত মহামাৰী কৰ’ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰিঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখনীয়াই নিদ্ৰা হৰণ কৰিছে লাহৰিঘাট বাসীক । লাহৰিঘাটৰ টেঙাগুৰি কছাৰী গাঁৱকে ধৰি চিন্তিত হৈ পৰিছে কেইবাখনো গাঁৱৰ লোক । প্ৰবল গৰাখনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে টেঙাগুৰি কছাৰী গাঁৱৰ কেইবাটাও পৰিয়াল ।
লাহৰিঘাটৰ গৰাখহনীয়া সমস্যা সমাধানৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে এক বৈঠকত মিলিত হয় লাহৰিঘাটৰ নৱ নিৰ্বাচিত বিধায়ক আছিফ মহম্মদ নাজাৰ। গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাক কাতৰ আহ্বান ভুক্তভোগী ৰাইজৰ ।

লাহৰিঘাট, তোফাইল আহমেদ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here