শীঘ্ৰে আৰম্ভ হ’ব আই নদীৰ খননৰ কাম

0
105

শীঘ্ৰে আৰম্ভ হ’ব আই নদীৰ খননৰ কাম

বিধায়ক আব্দুল বাতিন খন্দকাৰে জনালে এই কথা

আমাৰ সময়ঃ বছৰ বছৰ ধৰি বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদী আৰু মানাহ নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ । দুয়োখন নদীৰ বুকুত বিলীন হৈছে ঘৰ-দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি । প্ৰতিবছৰে এখনৰ পিছত এখনকৈ গাঁও মানচিত্ৰৰ পৰা নোহোৱা হোৱাৰ উপক্ৰম হৈছে । নদীৰ বুকুত বিলীন হৈ গৈছে বহুতৰ সপোনৰ ঘৰখন। তাৰ পিছতো জনপ্ৰতিনিধি বা জলসম্পদ বিভাগে লোৱা নাই পৰ্যাপ্ত ব্যৱস্থা । আজি উত্তৰ অভয়াপুৰী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰে গৰাইমাৰী, জামদহা, ভাণ্ডাৰা, তিলপুখুৰী, টেণ্টনপুৰ, সৃজনগ্ৰাম,কাছাৰপেটী আৰু আমবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে গৰাখহনীয়া ৰোধ কৰিবলৈ জলসম্পদ মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ লগত আলোচনা কৰিছে বুলি জানিব দিয়ে ।
আনহাতে পুৱাৰ ভাগতে জলসম্পদ বিভাগৰ লগতে খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিক লগত লৈ কাছাৰপেটীত উপস্থিত হয় বিধায়কগৰাকী আৰু খহনীয়াত জাহ যোৱা ২ শতাধিক পৰিয়ালৰ ভিতৰত সাহায্য লাভ নকৰা লোকসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে বানমুক্ত অসম গঢ়াৰ যি আঁচনি হাতত লৈছে,তাৰ ভিতৰত প্ৰথমে আই নদীৰ খননৰ ব্যৱস্থা হাতত ল’ব বুলি বিধায়কগৰাকীয়ে কয়। বিধায়ক অহাৰ উমান পাই লোকে লোকাৰণ্য হৈ পৰে পৰিদৰ্শন স্থলী। এতিয়া এই প্ৰতিশ্ৰুতি কাৰ্যত ৰূপায়িত হ’ব নে কেবল প্ৰতিশ্ৰুতিয়েই হৈ থাকিব সেয়া সময়তহে পৰিলক্ষিত হ’ব।

বঙাইগাঁও,য়াছিন আলি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here