শীতকালৰ আগমণৰ লগে লগে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ লাওখোবা অভয়াৰণ্যৰ বিভিন্ন জলাশ

0
139

আমাৰ সময় ; ২৬ ডিচেম্বৰ : শীতকালৰ আগমণৰ লগে লগে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ লাওখোবা অভয়াৰণ্যৰ বিভিন্ন জলাশয়, নদ- নদীলৈ পৰিভ্ৰমী চৰাইৰ সোঁত বৈছে৷ পৰিভ্ৰমী চৰাইৰ কাকলিত প্ৰাণ পাই উঠিছে লাওখোবা অভয়াৰণ্যৰ বিভিন্ন জলাশয়, নদ- নদী।দেশৰ ভিন্ন প্ৰান্তৰ লগতে সুদূৰ ৰাছিয়া, চাইবেৰীয়া, অষ্ট্ৰেলিয়াৰ পৰা অহা বিভিন্ন চৰাই এতিয়া নগাঁও জিলাৰ লাওখোবা অভয়াৰণ্যৰ শীতৰ অতিথি। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাইসমূহৰ মাজত অন্যতম৷ এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমলৈ আহে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া , চাকৈ-চকোৱা , কলীমূৰী হাঁহ , খন্তীয়া হাঁহ আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী , বগাঢেৰা , বৰবালি বগুৱা , লৰীয়তী , ৰামপৰা , গলমণিকা নাচনী আদি উল্লেখযোগ্য৷
আনহাতে এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ লাওখোবা অভয়াৰণ্যৰ বনৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ।
byte.forest officer

LEAVE A REPLY

Please enter your comment!
Please enter your name here