শ্ৰদ্ধাৰে ষ্মৰণ প্ৰয়াত জন নেতা তৰুণ গগৈক ||amarxomoy||

0
203

আমাৰ সময় ; ১ডিচেম্বৰ : শ্ৰদ্ধাৰে ষ্মৰণ প্ৰয়াত জন নেতা তৰুণ গগৈক ৷ তিতাবৰ প্ৰতিবন্ধী মুক বধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি ৷
প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদ্গতি কামনা কৰি আজি তিতাবৰ প্ৰতিবন্ধী মুক বধি বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰই, কেন্দ্ৰৰ প্ৰাঙ্গনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ সম্পাদক ইউছুফ আলিয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী, সাংবাদিক, বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী সকলে বন্তি প্ৰজ্বলন কৰি সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱান ওচৰত প্ৰাৰ্থনা জনায় ||amarxomoy||

LEAVE A REPLY

Please enter your comment!
Please enter your name here