সন্ধানহীন বিধায়ক আব্দুল হাই নাগৰী, সাংসদ আব্দুল খালেক

0
336

আমাৰ সময়;১নৱেম্বৰ ২০২০:   সন্ধানহীন বিধায়ক আব্দুল হাই নাগৰী, সাংসদ আব্দুল খালেক । সমষ্টিবাসীৰ সমস্যাৰ প্ৰতি তিলমানো গুৰুত্ব নাই কোনো জনপ্ৰতিনিধিৰ। গৰাখহনীয়াৰ বাবে নিদ্ৰা হৰিছে মানাহৰ দাতিকাষৰীয়া ৰাইজৰ। আচলতে কি হৈছে উত্তৰ অভয়াপুৰীত।
সময়ত কোন দিশে ঢাপলি মেলিব সমষ্টিবাসী। আস্থা হেৰুৱাইছে জনপ্ৰতিনিধিৰ ওপৰত।
বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ মাজেৰে বৈ যোৱা নাম্বাৰপাৰা তৃতীয় খণ্ডত মানাহ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। খহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ লগতে জলসম্পদ বিভাগ, জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াত স্হানীয় ৰাইজে ঘৰে ঘৰে বাহ সংগ্ৰহ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে । ১৫ দিনত প্ৰায় ২০ বিঘাৰো অধিক কৃষিভূমি আৰু বহুকেইটা পৰিয়ালৰ ঘৰবাৰী গৰাখহনীয়াৰ কৱলত পৰিছে। সেয়ে উপায়হীন হৈ ৰাইজে বাহৰ পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰি আছে ।দুৰ্ভাগ্যৰ বিষয় আই আৰু মানহে চলোৱা অবাধ গৰাখহনীয়াৰ কৱলত পৰা ৰাইজৰ কাষত থিয় নিদিলে বিধায়ক আব্দুল হাই নাগৰী, সাংসদ আব্দুল খালেক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here