সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ,অসম ” ৰ কেন্দ্ৰীয় আহ্বায়ক সমিতি গঠন

0
346

আমাৰ সময় ; ২৩ নৱেম্বৰ : সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ,অসম ” ৰ কেন্দ্ৰীয় আহ্বায়ক সমিতি গঠন সাধাৰণ জাতিৰ লোক সকলৰ সৰ্বাংগীন উন্নয়ন সাধনৰ উদেশ্যে আজি গঠন হয় ‘সাধাৰণ জাতি সুৰক্ষা সন্মিলন, অসম নামৰ এক অৰাজনৈতিক সংগঠনৰ ৷
অসমৰ ১৪ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত বিশিষ্ট সমাজ কৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈক অধ্যক্ষ হিচাপে লৈ গঠিত হ’ল আহ্বায়ক সমিতি ৷ যোৰহাট প্ৰেছ ক্লাৱত হোৱা এক সভাত গঠিত হোৱা আহ্বায়ক সমিতিখনে পৰৱৰ্তী পৰ্য্যায়ত পূৰ্ণাংগ সমিতি গঠন কৰিব ৷
উল্লেখ্য যে পূৰ্বে অসম চৰকাৰৰ উদ্যোগত গঠন হোৱা সাধাৰণ জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ গৰাকীৰ মইমতালি আৰু অনিয়মৰ অভিযোগ তুলি পৰিষদখনৰ বহু সদস্য সাধাৰণ জাতি বিকাশ পৰিষদৰ পৰা ওলাই আহিছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here