সি কেৱল পঢ়ি ভাল পাইছিল
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ঢেঁকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্র হৃদম ঠাকুৰীয়াই।হৃদমে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰিছে। বৰ্তমান তেওঁ গুৱাহাটীৰ এলেন কেৰিয়াৰ ইনষ্টিটিউটত পাঠদান কৰি আছে। পাঠদান চলি থকা সময়ত জানিবলৈ পাই যে তেওঁ মেট্রিক পৰীক্ষাত অসমৰ ভিতৰতে শীর্ষস্থান লাভ কৰিব সক্ষম হৈছে ।
হৃদমে সংবাদ মাধ্যমত প্রকাশ কৰিছে কিদৰে অধ্যয়ন কৰিছিল তেওঁ কয় যে “ৰিজাল্টৰ বাবে নপঢ়িবা যিটো কৰি ভাল লাগে সেইটো কৰা মই পঢ়ি ভাল পাইছিলোঁ সেইকাৰণে মই পঢ়াতে লাগি থাকিছিলোঁ । স্থান প্ৰাপ্তিৰ বাবে অধ্যয়ন কৰা নাছিলো, কিন্তু পৰীক্ষা দিয়াৰ পিছত নিশ্চিত আছিলো যে কোনো এটা স্থানত থাকিম। “
এতিয়া হৃদমে এলেন কেৰিয়াৰ ইনষ্টিটিউটত অভিযন্তাৰ বাবে ক’চিং কৰি আছে যদিও যিহেতু পদাৰ্থ বিজ্ঞানৰ প্রতি তেওঁৰ বিশেষ ৰাপ আছে গতিকে ভৱিষ্যতে এই দিশত মাষ্টাৰ ডিগ্রী তথা পি এইচ ডি ডিগ্রী লৈ পদাৰ্থবিদ হ’ব বিচাৰে।