সৰুপথাৰৰ মৰঙীত অনুষ্ঠিত হ’ল বিজেপিৰ সাংগঠনিক প্ৰশিক্ষণ শিবিৰ

0
233

আমাৰ সময় ; ২০ নৱেম্বৰ : সৰুপথাৰৰ মৰঙীত অনুষ্ঠিত হ’ল বিজেপিৰ সাংগঠনিক প্ৰশিক্ষণ শিবিৰ ৷ যোৱা ১৯ নৱেম্বৰত অনুষ্ঠিত হোৱা শিবিৰত ভাগ লৈ বিজেপিৰ ৰাজ্যিক কাৰ্য্য নিৰ্ব্বাহক ৰাজীৱ শইকীয়াই বিৰোধী দল কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
আগন্তুক নিৰ্ব্বাচনত সৰুপথাৰত বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়াই জয়ী হোৱাতো নিশ্চিত বুলি দাবী কৰে বিজেপিৰ নেতা জনে ৷ বৰ্তমানৰ বিধায়িকা গৰাকীয়ে ভৰিৰ তলৰ মাটি হেৰুওৱা বুলি কৈ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ পৰা মুক্তি পাবলৈকে সৰুপথাৰ বাসীয়ে বিজেপিক ভোট দিব বুলিও বক্তব্য ৰাথে বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্ব্বাহক গৰাকীয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here