সৰ্বভাৰতীয় পৰীক্ষাত উজলিল দেৰগাঁৱৰ সুদীপ্ত বৰঠাকুৰ

0
420

আমাৰ সময়; ৪ নৱেম্বৰ ২০২০: সৰ্বভাৰতীয় পৰীক্ষাত উজলিল দেৰগাঁৱৰ সুদীপ্ত বৰঠাকুৰ | সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত উজলিল দেৰগাওঁ বঙ্গাল গাঁৱৰ সুদীপ্ত বৰঠাকুৰ ৷ ৭২০ নম্বৰৰ ভিতৰত ৬১৬ নম্বৰ লাভ কৰি চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ বাবে সক্ষম হ’ল ছাত্ৰজন ৷ ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ লক্ষ্যৰে সুদীপ্তই গুৱাহাটী মেডিকেল কলেজত নামভৰ্ত্তী কৰিব বুলি আমাক জানিবলৈ দিছে ।
সুদীপ্তই দেৰগাঁৱৰ জাতীয় বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক আৰু দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ন হৈছিল । শেষতীয়াকৈ গুৱাহাটী মহানগৰীৰ পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন নামৰ এটা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহন কৰি আছিল ৷ সুদীপ্তৰ ফলাফলত আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ দেৰগাওঁ বাসী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here