হাজোত ব্ৰক্ষপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া

0
142

হাজোত ব্ৰক্ষপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া

হাজোৰ পাৰ্শ্বৱৰ্তী অঞ্চল পৰিদৰ্শন ৰাজহ চক্ৰ বিষয়াৰ
নৈপৰীয়া লোকক আশ্বাস প্ৰদান সুকন্যা বৰাৰ

আমাৰ সময়ঃ সমাগত বাৰিষা । ক্ৰমাৎ বৃদ্ধি পাইছে বৰলুইতৰ জলস্তৰ ।
গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ । আতংকিত হৈ পৰিছে লুইতপৰিয়া লোকসকল ।একেদৰে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত লাহ কয়াটোল হালোগাঁও, বামুন্দী,শিলিগুৰি আদি ঠাইৰ নিচেই কাষেৰে বৈ যোৱা ব্ৰক্ষপুত্ৰ নদীত এতিয়া প্ৰৱল গৰাখহনীয়া ।
উল্লেখ্য যে বছৰ বছৰ ধৰি অব্যাহত থকা খহনীয়াৰ ফলত শ শ বিঘা মাটি নৈৰ বুকুত জাহ যোৱাৰ লগতে গৃহহীন হৈছে বহু পৰিয়াল । দিশহাৰা গাঁওবাসীৰ এতিয়া দুচকুত নাই টোপনি। নিমিষতে ৰাতিটোৰ ভিতৰতে জাহ যাব পাৰে কেইবাখনো গাঁও । ইতিমধ্যে কৃষিভূমিৰ লগতে খেতিৰ ফচলো বিলীন হৈছে লুইতৰ বুকুত ।
কিছুদিন পূৰ্বেও আমি এই বাতৰি প্ৰচাৰ কৰিছিলোঁ ।তাৰ সমান্তৰালভাবে চৰকাৰ-প্ৰশাসনক পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ-সন্থায়ো দাবী জনাই আহিছে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ।যাৰ পৰিপ্ৰেক্ষিতত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ-সন্থাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আজি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলৰ সৈতে হাজো ৰাজহ চক্ৰ বিষয়া উপস্থিত হয় উক্ত স্থানত । ৰাজহ চক্ৰ বিষয়া সুকন্যা বৰাই বানপীড়িত আৰু গৰাখহনীয়াৰ স্থান পৰিদৰ্শন কৰি অনতিপলমে এই বিষয়টো চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনক অৱগত কৰি সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে ।

হাজো, অনামিকা কলিতা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here