হাজোত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ বৰ্ষপূৰ্তি উপলক্ষে সেৱামূলক কাৰ্যসূচী/হাজোৰ ভিন্ন ঠাইত বহু দল-সংগঠনৰ চেনিটাইজেচন আৰু মাস্ক বিতৰণ কাৰ্যসূচী

0
106

হাজোত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ বৰ্ষপূৰ্তি উপলক্ষে সেৱামূলক কাৰ্যসূচী

হাজোৰ ভিন্ন ঠাইত বহু দল-সংগঠনৰ চেনিটাইজেচন আৰু মাস্ক বিতৰণ কাৰ্যসূচী

আমাৰ সময়ঃ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ বৰ্ষপূতি উপলক্ষে হাজোত সেৱামূলক কাৰ্যসূচী ৰূপায়ণ । ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মণৰ নিৰ্দেশত উত্তৰ হাজো যুৱ মৰ্চাৰ সদস্যবৃন্দই আজি কেইবাটাও পঞ্চায়তত এই সেৱামূলক কাৰ্যসূচী পালন কৰে। এই কার্যসূচীত সহযোগ কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ।উত্তৰ হাজো মণ্ডলৰ অন্তৰ্গত কেইবাখনো গাঁও পঞ্চায়তত যুৱ মৰ্চাৰ সদস্যবৃন্দই ক’ভিড প্ৰট’কল মানি ৰাজহুৱা স্থান সমূহত চেনিটাইজেচন কৰাৰ লগতে ক’ভিড-১৯ত আক্রান্ত পৰিয়ালক বিতৰণ কৰে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ।

ইয়াৰ লগতে ৰামদিয়াৰ শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়ততো কৰা হয় চেনিটাইজেচন । এই কার্যসূচীত গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী ভৰালী, হাজো ব্লক পঞ্চায়তৰ সভানেত্ৰী জোনালী পাঠক , বিজেপি কাৰ্যকৰ্তা বিষ্ণু পাঠকৰ লগতে সহযোগ কৰে আন সদস্যসকলে ।
আনহাতে হাজো সমষ্টিৰ ৩ নং জিলা পৰিষদৰ সদস্য বিপুল দাসে ভিন্ন ঠাইত চেনিটাইজেচন আৰু মাস্ক বিতৰণ কৰে ।এই কাৰ্যত সহায় কৰে হাজো মণ্ডল যুৱ মৰ্চাৰ এটি দলে । হালোগাঁও,নামপাৰা,ৰামদিয়া,টুক্ৰাদিয়া,মিলপাৰা আদিৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো কৰে চেনিটাইজেচন ।

হাজো, অনামিকা কলিতা

LEAVE A REPLY

Please enter your comment!
Please enter your name here