হাজোৰ কুলহাটী চেঁচামুখত সাৰ্বজনীন শ্মশান ঘাট আৰু কালীমন্দিৰৰ শুভ উদ্বোধন

0
174

হাজোৰ কুলহাটী চেঁচামুখত সাৰ্বজনীন শ্মশান ঘাট আৰু কালীমন্দিৰৰ শুভ উদ্বোধন

আমাৰ সময়ঃ যোৱা বুধবাৰে হাজোৰ চেঁচা দলং ঘাট – ক’লাজল নৈৰ দক্ষিন দিশত শুভ উদ্বোধন কৰা হয় সাৰ্বজনীন শ্মশান ঘাটৰ ।হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ তৎপৰতাত বিধায়িকাৰ বিভাগীয় পুঁজিৰে নিৰ্মিত হয় এই শ্মশান ।য’ত সংলগ্ন হৈ আছে এটি কালীমন্দিৰ,এটি জিৰণি চ’ৰা আৰু এখন খেলপথাৰ ৷শ্মশানখন বিধায়িকাৰ প্ৰতিনিধি বৰ্গ হিচাপে শুভ উদ্বোধন কৰে বিজেপি দলৰ দলীয় কৰ্মী মনোজ দাসে । তদুপৰি শ্মশানখনৰ লগতে সংলগ্ন হৈ থকা কালীমন্দিৰটোত এক মাংগলিক পূজা অনুষ্ঠিত কৰি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে কালীমন্দিৰটোৰ শুভ উদ্বোধন কৰে হাজো আৰক্ষী থানাৰ আৰক্ষী বিষয়া বাবুল চন্দ্ৰ মেধিয়ে ।
শ্মশান আৰু কালীমন্দিৰৰ নিৰ্মাণ কাৰ্যত হাজোৰ বিশিষ্ট সমাজকৰ্মী পংকজ দাস , দুলেশ্বৰ কলিতা,প্ৰশান্ত কলিতা,বসন্ত কুমাৰ দাসকে প্ৰমুখ্য কৰি বহু সংখ্যক স্থানীয় ব্যক্তিয়ে অৱদান আগবঢ়ায় ।লগতে বিধায়িকাৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে শলাগ লৈছে অঞ্চলটিৰ লোকসকলে ।

হাজো,অনামিকা কলিতা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here