হাজোৰ বামুন্দীত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া

0
87

হাজোৰ বামুন্দীত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া

আমাৰ সময়ঃ বাৰিষা কাল চমু চপাৰ লগে লগে চিন্তান্বিত হৈ পৰিছে নৈপৰীয়া লোকসকল । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ ।হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দীৰ ধাৰেশ্বৰী মন্দিৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত প্ৰবল গৰাখহনীয়া ।ফেনে-ফুটুকাৰে উফন্দি উঠিছে নৈৰ পানী । উল্লেখযোগ্য যে বিগত বছৰ ধৰি অব্যাহত থকা খহনীয়াৰ ফলত শ শ বিঘা মাটি নৈৰ বুকুত জাহ যোৱাৰ লগতে গৃহহীন হ’বলগীয়া হৈছে বহু পৰিয়াল । দিশহাৰা হৈ পৰিছে গাঁওবাসী ।ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ ফলত ৰাতিটোৰ ভিতৰতে জাহ যাব পাৰে কেইবাখনো গাঁও । ইতিমধ্যে বিনষ্ট হৈছে কৃষিভূমিৰ লগতে বহু শস্য ।এই গুৰুতৰ সমস্যা সমাধানৰ বাবে আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ । যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে গাঁওবাসী ।

হাজো, অনামিকা কলিতা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here