হোজাইত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

0
68

হোজাইত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

আমাৰ সময়ঃ হোজাই চিকাৰী গেইটত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ওৰে নিশা পানীৰ মাজেৰে পৰিবাহিত হৈ থাকিল বিদ্যুৎ । ধুমুহাৰ ফলত ছিগি যোৱা তাঁৰৰ মাজেৰে পৰিবাহিত হ’ল বিদ্যুৎ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যোৱাকালি আবেলি ৩ মান বজাত অহা প্ৰচণ্ড বতাহ-ধুমুহাৰ ফলত ছিগি পৰিছিল বৈদ্যুতিক তাঁৰ । বৈদ্যুতিক তাঁৰ ছিগি পৰিছিল পুখুৰীত ।
এই ঘটনা সংঘটিত হোৱাৰ পিছত বিপ্লৱ দাসে হোজাইৰ বিদ্যুৎ বিভাগক ফোন যোগে অৱগত কৰিছিল । কিন্তু তেওঁলোকে সু-ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে ফোনতে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । বিদ্যুৎ বিভাগে অঞ্চলটোত বিদ্যুৎ কৰ্তন নকৰি ওৰে নিশা বিদ্যুৎ চালিত কৰি ৰখাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে । সৌভাগ্যৱশতঃ এক বিপদৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলবাসী।
এতিয়া প্ৰশ্ন হয় ,বিদ্যুৎ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে যদি কোনো ধৰণৰ অঘটন সংঘটিত হ’লহেতেন ; তেন্তে ইয়াৰ বাবে জগৰীয়া কোন হ’লহেতেন ! বিদ্যুৎ বিভাগ নে ৰাইজ !গতিকে বিদ্যুৎ বিভাগৰ এনে কাণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।

হোজাই,প্ৰশান্ত দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here