হোজাইৰ মিলিকবস্তি গাঁও পঞ্চায়তত দুৰ্নীতি/পথ নিৰ্মাণৰ নামত চলিছে এই দুৰ্নীতি

0
54

হোজাইৰ মিলিকবস্তি গাঁও পঞ্চায়তত দুৰ্নীতি

পথ নিৰ্মাণৰ নামত চলিছে এই দুৰ্নীতি

আমাৰ সময়ঃ পথ নিৰ্মাণৰ নামত দুৰ্নীতি । ২১৪ মিটাৰ চি চি ব্লক ৰাস্তাৰ বাবত চৰকাৰে আবন্টন দিছে প্ৰায় ১০ লাখ টকা। কিন্তু পথ নিৰ্মাণ কৰোতে অতি নিন্ম মানৰ চি চি ব্লক ব্যৱহাৰ কৰাৰ উপৰিও ৰাস্তাত শিল-বালিৰ ঠাইত ৰাবিছ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।যাৰ বাবে এজাক বৰষুণ অহাৰ পিছতেই শোচনীয় হৈ পৰে সদ্য নিৰ্মিত মিলিকবস্তি গাঁৱৰ পথটি । এখন গাড়ী পাৰ হৈ যাবলৈয়ো সুচল নহয় পাঠটি ।স্থানীয় লোকৰ অভিযোগ অনুসৰি জনৈক চৌহান আৰু পঞ্চায়ত সভানেত্ৰীৰ তত্বাৱধানত চলিছে এই দুৰ্নীতি।উল্লেখ্য যে এই বিষয়ে ধলপুখুৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো লোৱা নহ’ল কোনো ব্যৱস্থা ।
এতিয়া প্ৰশ্ন হয়
দুৰ্নীতি নিৰ্মূলকৰণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে ?স্থানীয় ৰাইজৰ অভাৱ-অভিযোগ নতুন চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ চকুত পাৰিবনে? দুৰ্নীতিৰ এই বাতৰি চৰকাৰৰ দৃষ্টিগোচৰ হোৱাৰ পিছত কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষণীয় ।

হোজাই, প্ৰশান্ত দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here