১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা দুই সন্তানৰ পিতৃৰ

0
78

১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা দুই সন্তানৰ পিতৃৰ

আমাৰ সময়ঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে বিভিন্ন অপৰাধ জনিত ঘটনা । এইবাৰ পুনৰ জুৰীয়াত সংঘটিত হ’ল নাৰী নিৰ্যাতনৰ ঘটনা ।এগৰাকী কিশোৰীক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণ অনুসৰি জুৰীয়াৰ গদাইমাৰিৰ দুটি সন্তানৰ পিতৃ নেকিবুৰ হুছেইনে দীৰ্ঘদিন ধৰি তেৰ বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল আৰু অৱশেষত নিশা কিশোৰীগৰাকীয়ে দমকলৰ পৰা পানী আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় অনাকাংক্ষিত ঘটনা । আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দুটি সন্তানৰ পিতৃ নেকিবুৰ হুছেইনে কিশোৰী গৰাকীৰ মুখত সোপা দি ওচৰৰ জংঘললৈ নি ধৰ্ষণৰ অপচেষ্টা চলাই ।কিশোৰীগৰাকীৰ শ্লীলতা হানি কৰাত চিঞৰি উঠে কিশোৰীগৰাকী ।
কিশোৰীগৰাকীৰ চিঞৰ-বাখৰত পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে যদিও ধৰ্ষণৰ অপচেষ্টা চলোৱা নেকিবুৰ পলাই সাৰিবলৈ সক্ষম হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে লম্পট নেকিবুৰৰ বিৰুদ্ধে দগাঁও আৰক্ষী পহৰা চকীত দাখিল কৰিছে এজাহাৰ ।

জুৰীয়া,ফাইজুল ইছলাম ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here