৭১ টা containerসহ আটক নিচাজাতীয় দ্ৰব্যৰ দুজন ব্যৱসায়ী

0
131

মৰিগাঁও আৰক্ষীৰ আন এক সফলতা

৭১টা containerসহ আটক নিচাজাতীয় দ্ৰব্যৰ দুজন ব্যৱসায়ী

আমাৰ সময়ঃ মৰিগাঁৱত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা ।  কিন্তু তাৰ মাজতে অৰক্ষীৰ সফলতা | মৈৰাবাৰীৰ পৰা মৰিগাঁৱলৈ যোৱা পথত মৰিগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা আৰু বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকে এক গোপন সূত্ৰৰ ভিত্তিত চলাইছিল অভিযান । এই
অভিযানতেই জব্দ কৰে এখন Hyundai Eon বাহন । বাহনখনত ৭১টা Containerসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । জব্দকৃত বাহনখনৰ নং হৈছে AS-01-BA-7456
৭১টা সন্দেজনক Container সহ আটক দুজন ব্যৱসায়ী । বৰচলা আৰক্ষীয়ে জনোৱা অনুসৰি এজনৰ ঘৰ গুৱাহাটীৰ পল্টন বজাৰত আৰু আনজনৰ ৰঙীয়া কমলপুৰত । ব্যৱসায়ী দুজনৰ সৈতে আৰু অধিক লোক জড়িত হৈ আছে বুলিও সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে বৰচলা আৰক্ষীয়ে ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here