দৈয়াঙত সতী ৰাধিকাৰ স্মৃতি দিৱস পালন

0
91

দৈয়াঙত সতী ৰাধিকাৰ স্মৃতি দিৱস পালন

আমাৰ সময়ঃ  আজি অনুসূচিত জাতিৰ কৈৱৰ্ত কুলৰ মহীয়সী নাৰী সতী ৰাধিকাৰ স্মৃতি দিৱস ।
প্ৰকৃততে সতী ৰাধিকা কেৱল কৈৱৰ্ত কুলৰে নহয়, সমস্ত নাৰীৰ বাবে মহীয়সী তেওঁ ।
নাৰীৰ প্ৰকৃত সত্তা তেওঁ । প্ৰত্যেকগৰাকী অৱহেলিত নাৰীৰ উদ্ধাৰৰ উৰ্ধত তেওঁ ।সেইগৰাকী মহীয়সী নাৰীৰ স্মৃতি দিৱসত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই দৈয়াং আঞ্চলিক সমিতিৰ কাৰ্যালয়ত উদযাপন কৰে স্মৃতি দিৱস । বিগত বৰ্ষৰ দৰে এই বছৰো অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় এই দিৱস । কিয়নো বিগত বছৰতো এই সময়ত অব্যাহত আছিল কৰ’ণাৰ সংহাৰী ৰূপ । সেয়েহে এইবাৰো সীমিত সংখ্যক লোক সমবেত হৈ ক’ভিড বিধি মানি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে উদযাপন কৰা হয় স্মৃতি সতী ৰাধিকাৰ দিৱস।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ-সন্থাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ক্ষীৰুদ কুমাৰ দাস,গোলাঘাট জিলা সমিতিৰ উপ সভাপতি বাবুল দাস,দৈয়াং আঞ্চলিক সমিতিৰ সভাপতি উদ্ধৱ হাজৰিকা, সাধাৰণ সম্পাদক ৰাহুল দাসৰ লগতে অনুসূচিত যুৱ ছাত্ৰ পৰিষদ দেৱকান্ত দাস চন্দ্ৰ দাস আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৈয়াং আঞ্চলিক সমিতিৰ সভাপতি বিমান দাস।

দেৰগাঁও, নিৰঞ্জন দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here