ৰঙিয়াৰ কন্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

0
63

ৰঙিয়াৰ কন্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

আমাৰ সময়ঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা মহামাৰীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ।গণ সংক্ৰমণৰ দিশে গতি কৰা ঠাইসমূহ চৰকাৰে কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।কন্টেইনমেণ্ট জ’ন ঘোষণা কৰা ঠাইসমূহৰ লোকে যাব নোৱাৰিব অন্য ঠাইলৈ । বজাৰ-সমাৰো কৰিবলৈ যাব নোৱাৰিব এইসকল লোক ।সেয়ে তেওঁলোকক সহায় কৰিবলৈ ভিন্ন সময়ত আগবাঢ়ি আহিছে ভিন্ন দল-সংগঠন । একেদৰে ৰঙিয়াৰ কন্টেইনমেণ্ট জ’নত থকা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল ৰঙিয়াৰ অগ্ৰণী ব্যৱসায়ীক প্ৰতিষ্ঠান এইচ্ এণ্ড কে ।
আজি এই ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে ৰঙিয়া অঞ্চলৰ বিভিন্ন কন্টেইনমেণ্ট জ’নত থকা লোকসকলক যোগান ধৰে খাদ্য সামগ্ৰী ।লক ডাউন সদৃশ এনে জটিল পৰিস্থিতিত এসাজৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে । তেনে এক জটিল সময়ত ৰঙিয়াৰ অগ্ৰণী ব্যৱসায়ীক প্ৰতিস্থান এইচ্ এণ্ড কেৰ এই প্ৰশংসনীয় পদক্ষেপ । এইচ্ এণ্ড কে ৰঙিয়া শাখাটোৰ মুখ্য দায়িত্বত থকা হেমন্ত কলিতাই জনায় যে শনিবাৰৰ পৰা আৰম্ভ কৰা এই কার্যসূচীত ৰঙিয়া অঞ্চলৰ অন্তৰ্ভুক্ত প্ৰায় ৫০০তকৈ অধিক পৰিয়াললৈ এই সাহায্য আগবঢ়োৱা হ’ব ।তেওঁলোকৰ এই পদক্ষেপৰ শলাগ লৈছে অঞ্চলবাসীয়ে ।

ৰঙিয়া, চাহেব আলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here