ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিক তৰুণ গগৈৰ দেহাৱসানত ৰাজ্যজুৰি বৈছে শোকৰ বন্যা ৷

0
234

আমাৰ সময় ; জ্যোতি দাস ; ২৫ নৱেম্বৰ : ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিক তৰুণ গগৈৰ দেহাৱসানত ৰাজ্যজুৰি বৈছে শোকৰ বন্যা ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানেৰে সোঁৱৰিছে মহানায়ক জনক ৷
মহানায়কৰ মহা প্ৰস্থান ৷ দীৰ্ঘকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন দখল কৰা একালৰ জনপ্ৰিয় মূখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত শোকস্তব্ধ ৰাজ্যবাসী ৷ ৰাজ্য চৰকাৰেও পালন কৰিছে তিনিদিনীয়া শোক ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানেৰে প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ আহি আছে ৷
দেৰগাঁৱৰ পৰা আমাৰ সংবাদদাতা নিৰঞ্জন দাসে জনোৱা মতে — অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলা সমিতিয়ে প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ যোৱা ২৪ নৱেম্বৰত, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ ৮৬ গছ বন্তি প্ৰজ্বলনেৰে মহসভাই মহানায়ক জনক জনালে শ্ৰদ্ধা ৷ দেৰগাঁৱৰ জীৱেশ্বৰ হাজৰিকা উদ্যানত অনুস্থিত হোৱা উক্ত শোক সভাত উপস্থিত থাকে সমাজকৰ্মী অনুপ ভাগৱতী, মহাসভাৰ কেন্দ্ৰীয় মুখপাত্ৰ সত্যজিত হাজৰিকা,কবি মুনিন্দ্ৰ গগৈ,জেচিদা বেগমকে আদি কৰি বহুতো গন্য-মান্য ব্যক্তি ৷
আনহাতে হোজাই আজাদ ক্লাৱত যোৱা ২৪ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানত শোক প্ৰকাশ কৰি জনালে শ্ৰদ্ধাঞ্জলি । কলিয়াবৰ লোকসভা সমষ্টিৰ ছয়বাৰৰ সাংসদ আৰু তিনিবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে সুজাইবাসীয়ে ৷ প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্ত্তীত মাল্যাৰ্পণ, মৌন প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকে আব্দুল বাচিদ, ছাত্র নেতা আতিকুৰ ৰহমান আৰু AIUDF হোজাইৰ সভাপতি আৰিফউদ্দিন।
হোজাইৰ পৰা এই প্ৰতিবেদন আমালৈ প্ৰস্তুত কৰি পঠাইছে আমাৰ হোজাইৰ সংবাদদাতা প্ৰশান্ত দত্তই ৷ আনহাতে বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা অনুপ জ্যোতি দাসে পঠোৱা প্ৰতিবেদন অনুসৰি
বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ বঙাইগাঁৱৰ অভয়াপুৰীৰ ৰাজপথত বঙাইগাওঁ কংগ্ৰেছে কৰিলে বন্তি প্ৰজ্বলন ৷ যোৱা ২৪ নৱেম্বৰত বঙাইগাঁও কংগ্ৰেছ, অভয়াপুৰী কংগ্ৰেছ, আৰু এন এচ ইউ আইৰ কৰ্মী সকলে অনুষ্ঠিত কৰিলে এই বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here