ৰামদিয়াৰ লহকৰপাৰাত খাদ্য সামগ্ৰী বিতৰণ

0
53

ৰামদিয়াৰ লহকৰপাৰাত খাদ্য সামগ্ৰী বিতৰণ

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ
কামৰূপ জিলাৰ উদ্যোগত এই কাৰ্যসূচী

আমাৰ সময়ঃ কৰ’ণাৰ গ্ৰাসত পৰিছে সমগ্ৰ দেশ । ঠাই বিশেষে প্ৰশাসনে ঘোষণা কৰিছে কণ্টেইনমেণ্ট জ’ন ।খাদ্য সংকটত পৰিছে বহু লোক । তেনে সময়তে ওলাই অহা পৰিলক্ষিত হ’ল কামৰূপ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এটি দল ।হাজোৰ বিভিন্ন প্ৰান্তৰ দৰে ৰামদিয়াৰ লহকৰপাৰা চুবুৰীত কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ ফলত প্ৰশাসনে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল কন্টেইনমেন্ট জ’ন । বৰ্তমান অঞ্চলটো কৰ’ণামুক্ত হোৱা বাবে প্ৰত্যাহাৰ কৰা হৈছে কন্টেইনমেন্ট জ’ন ।কিন্তু ক’ভিড মহামাৰীৰ ফলত খাদ্য সংকটৰ কবলত পৰিছিল এই অঞ্চল । যাৰ ফলত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ তৰফৰ পৰা পৰিয়ালসমূহৰ মাজত চাউল ,দাইল ,মিঠাতেল ,আলু চেনিটাইজাৰৰ আদি সামগ্ৰী বিতৰণ কৰে ।
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণী অনুষ্ঠানত জিলা সংঘ চালক ৰজত চন্দ্ৰ ভৰালীৰ লগতে উপস্থিত থাকে অনুষ্ঠানটিৰ সৈতে জড়িত আন বহুকেইজন লোক ।

হাজো, অনামিকা কলিতা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here