গোলাঘাটত অব্যাহত হাতী মানুহৰ সংঘাট -AMARXOMOY

0
216

আমাৰ সময় ; ৩১ ডিচেম্বৰঃ গোলাঘাটত অব্যাহত হাতী মানুহৰ সংঘাট ৷ উপায়হীন নুমলীগড় বাসীৰ ৰুষ্ট গজেন্দ্ৰক তুষ্ট কৰিবৰ বাবে পূজা অৰ্চনা । গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাট ৷ বনৰীয়া হাতীৰ বৃহৎ জাকে ক্ৰমাগত ভাৱে অনিষ্ট কৰি আহিছে অঞ্চলবাসীক ৷ বন বিভাগক বাৰম্বাৰ কৰা আহ্বানৰ পিছতো বন বিভাগে নলয় হাতীৰ জাক খেদি পঠোৱাৰ পদক্ষেপ ৷ উপায়হীন গঞাই হাতী বাবাক তুষ্টু কৰিবলৈ কৰিলে পূৰ্জা অৰ্চনা ৷
এই দৃশ্য নুমলীগড়ৰ আবৰঘাটৰ । বিগত বহুদিন ধৰি ৰুষ্ট হৈ আছে গজেন্দ্ৰৰ এটা বৃহৎ জাক । দৈনিক উপদ্ৰৱ চলাইছে নুমলীগড়ৰ বিভিন্ন অঞ্চলত । গাঁওসমূহত প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে ।পথাৰৰ ধান খাই গচকী নষ্ট কৰিছে কৃষকৰ সোণোৱালী সপোন । যেন গাঁও বাসীৰ ওপৰত ৰুষ্ট গজৰাজ । বিহত সময়ত একেটা সপ্তাহতে আবৰঘাটৰ পানীকৰা গাঁৱত প্ৰায় দহটা পৰিয়ালৰ ভঁৰালৰ ধান খাই ভঁৰাল ভাঙি তহিলং কৰাৰ ওপৰিও ভাঙি থৈ গ’ল বাসগৃহও ৷ দূৰ্গত সকলক সহায় কৰাতো দূৰৰে কথা, খবৰ এটা কৰাৰো আহৰি নাই বন বিভাগ বা প্ৰশাসনৰ ৷ সেয়েহে উপায় বিহীন হৈ ৰুষ্ট গজৰাজক তুষ্ট কৰিবৰ বাবে পথাৰতে নাম প্ৰসংগৰে গজৰাজলৈ শৰাই আগবঢ়াইছে ৰাইজে । পানীকৰা গাঁৱৰ ৰাইজৰ এতিয়া শেষ ভৰসা এই পূজা । ৰাইজৰ আশা, ৰাইজৰ এই পূজাত তুষ্ট হব গজৰাজ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here