১কোটি ৭১ লাখ টকা অনুমোদনৰ পিছতো নহ’ল পথৰ কাম

0
91

১কোটি ৭১ লাখ টকা অনুমোদনৰ পিছতো নহ’ল পথৰ কাম
মৈৰাবাৰীৰ বজাৰৰ মাজমজিয়াইদি যোৱা নগাঁও-ভূৰাগাঁও গড়কাপ্তানি পথৰ দুৰৱস্থা

আমাৰ সময়ঃ পুখুৰীনে পথ ধৰিবই নোৱৰা এক দৃশ্য এইয়া ৷ এইয়া মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বজাৰৰ মাজমজিয়াইদি যোৱা নগাঁও-ভূৰাগাঁও গড়কাপ্তানি পথৰ দুৰৱস্থা | দহটা বছৰ ধৰি মৈৰাবাৰী বাসীয়ে যমৰ যাতনা ভোগ কৰি আহিছে । পথটিৰ মেৰামতিৰ বাবে অসম চৰকাৰে চলিত বছৰৰে ফ্ৰেব্ৰুৱাৰী মাহত অনুমোদন দিছিল ১কোটি ৭১ লাখ টকা । ধিঙৰ পৰা দলৈগাঁৱলৈকে ৬ কিলোমিটাৰ পথটিৰ মেৰামতিৰ ঠিকা লাভ কৰিছিল ৰিচব জৈনে । কিন্তু ঠিকাদাৰে আজিলৈকে আৰম্ভ নকৰিলে কোনো কাম ।
এক বিশেষ সূত্ৰে জনা যায় যে স্থানীয় বিধায়কৰ কমিছনৰ ধন আদায় দিব নোৱাৰাৰ ফলত সৃষ্টি হয় এনে বিসংগতিৰ । সেয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে। কিয়নো নিবিদাৰ পাছত ৪৫ দিনৰ ভিতৰত কাম আৰম্ভ নকৰিলে বিভাগে ঠিকাদাৰ জনক নাকচ কৰি অন্য এজন ঠিকাদাৰক কামটো দিব পাৰে । কিন্তু আজি প্ৰায় ৪ মাহ উকলি যোৱাৰ পাছতো ৰহস্যজনকভাৱে বদলি কৰা নহ’ল ঠিকাদাৰৰ । এই বাতৰি পৰিৱেশনৰ পাছত বিভাগীয় কর্তৃপক্ষই কি সিদ্ধান্ত লয় সেয়াহে হ’ব লক্ষণীয় ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here