ৰাজ্যিক কেবিনেটৰ দ্বিতীয়খন বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0
77

ৰাজ্যিক কেবিনেটৰ দ্বিতীয়খন বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আমাৰ সময়ঃ যোৱা বুধবাৰে প্ৰথমখন কেবিনেট বৈঠকৰ পিছত আজি পুনৰ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক | দিনৰ ১১ বজাত জনতা ভৱনত অনুষ্ঠিত হয় এই বৈঠক | এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা পৰিলক্ষিত হয় | সেইসমূহৰ ভিতৰত আছে-
•বিটিআৰ, ডিমা হাচাও, কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহীক দিয়া হ’ব কেবিনেট মৰ্যাদা |
•ৰাজ্য চৰকাৰৰ নতুন মহাধিবক্তা দেৱজিত লন শইকীয়া |
•এতিয়াৰেপৰা নাথাকে ইনচাৰ্জ মিনিষ্টাৰ | এজন গাৰ্জেন মিনিষ্টাৰক দিয়া হ’ব দুখন জিলাৰ দায়িত্ব | এই গাৰ্জেন মিনিষ্টাৰৰ ওপৰত থাকিব জিলাখনৰ সকলোবোৰ দায়িত্ব |
•আনহাতে নতুনকৈ অক্সিজেন প্লাণ্ট নিৰ্মান কৰোতালৈ এবছৰলৈ বিনামূলীয়া বিজুলী প্ৰদান চৰকাৰৰ |বন্ধ হৈ থকা প্লাণ্টত অক্সিজেন উৎপাদনৰ বাবে দিব বিনামূলীয়া বিজুলী |
তদুপৰি চলি থকা অক্সিজেন প্লাণ্টসমূহত ২০ শতাংশলৈকে বিনামূলীয়া হ’ব বিজুলী |
•শেহতীয়া কৰ’ণা পৰিস্থিতি সন্দৰ্ভতো আলোচনা এই বৈঠকত |
•হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈয়ো আলোচনা কৰা হয় এই বৈঠকত ।•আনহাতে প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ ফণীভূষণ চৌধুৰীৰ |

NEWS DESK REPORT, AMAR XOMOY

LEAVE A REPLY

Please enter your comment!
Please enter your name here