শিৱসাগৰত কৰ’ণাৰ জটিল পৰিস্থিতি

0
65

শিৱসাগৰত কৰ’ণাৰ জটিল পৰিস্থিতি

আমাৰ সময়ঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে মহামাৰী কৰ’ণাই ।জিলাখনৰ ভিন্ন ঠাইৰ লগতে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰতো পোহৰলৈ আহিছে ব্যাপক হাৰত কভি’ড সংক্ৰমণৰ তথ্য । মঙলবাৰে পুৱাৰ পৰা বিয়লিলৈকে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ৰেপিড এন্টিজেন টেষ্ট কৰা হয় । শিৱসাগৰ জিলাত এটা দিনত আক্ৰান্তৰ সংখ্যা ১৫৩ জনলৈ বৃদ্ধি । উল্লেখ্য যে ১৫৩ জন ক’ভিড আক্ৰান্তৰ ৫১ জন লোক শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী বুলি জানিব ৰা যায় ৷ কোনো ধৰণৰ লক্ষণ নাছিল যদিও ৰেপিড টেষ্টত ধৰা পৰে ক’ভিড পজিটিভ । ১৭২ জন কাৰাবন্দীৰ ৫১ জনৰ দেহত ধৰা পৰে কভি’ড-১৯ ৰ উপস্থিতি । গণ সংক্ৰমণৰ আশংকাত ভূগিছে শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ ।
আনহাতে আজি আন ৩৫০ জন কাৰাবন্দীৰ ক’ভিড টেষ্টৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই । যোৱা মঙলবাৰৰ দিনটোতে জিলাখনৰ প্ৰায় পাঁচগৰাকী আক্ৰান্তৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিক্ষাগুৰু, গৃহীনি আৰু সমাজসেৱকো আছে বুলি জানিবলৈ দিয়ে ।

শিৱসাগৰ,জিতুল খান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here