বাৰিষাৰ পূৰ্বে চিন্তিত হৈ পৰিছে গোলাপাৰাৰ ৰাইজ

0
120

বাৰিষাৰ পূৰ্বে চিন্তিত হৈ পৰিছে গোলাপাৰাৰ ৰাইজ

আমাৰ সময়ঃ বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গোলাপাৰাত ৭ মানাহ নদীৰ বুকুত জাহ গৈছে বিঘাৰ পিছত বিঘাকৈ কৃষিভূমি। কি ঘৰ,কি শস্য ! সকলো জাহ গৈছে মানাহৰ বুকুত । বাৰম্বাৰ স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নাই জনপ্ৰতিনিধিৰ । বিমোৰত পৰিছে গৰাখহনীয়াৰ কবলত পৰা পৰিয়াল । বাৰিষাৰ বতৰ কাষ চাপৰ লগে লগে গভীৰ আশংকাত ভূগিছে অঞ্চলবাসী । প্ৰতিবছৰে গোলাপাৰাত গৰাখহনীয়াৰ বাবে প্ৰায় ৩০ ৰ পৰা ৫০ বিঘাকৈ কৃষিভূমি জাহ যায় নৈৰ বুকুত । যাৰ ফলত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল। ইফালে ৪০ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
এইবাৰো যদি বাৰিষাৰ পূৰ্বে নৱ নিৰ্বাচিত বিধায়কে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে , তেন্তে আৰু অধিক ক্ষতিগ্ৰস্ত হ’ব এই অঞ্চলটো । তদুপৰি ব্যাঘাত জন্মিব পাৰে নাম্বাৰপাৰা-গোলাপাৰা সংযোগী দলঙৰ যাতায়াত ব্যৱস্থা । সেয়েহে নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰক গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান স্থানীয় লোকৰ । এতিয়া নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত পৰিলক্ষিত হ’,ব ।

কুকিলা, য়াছিন আলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here