এজাক বৰষুণতে একাঁঠু পানী

0
117

এজাক বৰষুণতে একাঁঠু পানী

আমাৰ সময়ঃ এইয়া দেৰগাঁৱৰ এটি পথৰ দুৰৱস্থা । উন্নয়নৰ শ্ল’গানৰে ঢাক-ঢ়োল বজোৱা বিজেপি-মিত্ৰজোঁট চৰকাৰৰ শাসনকালৰ ৰাস্তা-পদূলিৰ অৱস্থা এইয়া । আপোনালোকে প্ৰত্যক্ষ কৰা এইয়া কোনো গ্ৰামাঞ্চলৰ দৃশ্য নহয় । এই দৃশ্য হ’ল দেৰগাঁও নগৰৰ সদা ব্যস্ত হেমচন্দ্ৰ গোস্বামী পথৰ দৃশ্য। পথ নে পুখুৰী ধৰিবকে নোৱাৰি । সাধাৰণ লোকৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিতৌ অহা-যোৱা কৰে এই পথেৰে । এই বিধ্বস্ত পথে বাৰুকৈয়ে জলা-কলা খোৱাইছে দেৰগাঁও সমষ্টিবাসীক । এজাক কিনকিনীয়া বৰষুণতে একাঠু পৰ্যন্ত পানী হৈ বোকাময় হৈ পৰে বৃহত্তৰ দেৰগাঁও অঞ্চলৰ এই পথটি । যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনৰে পৰা চৰম যাতনা ভুগি আহিছে নগৰবেৰাৰ দেৰগাঁও অঞ্চলৰ ৰাইজে।
উল্লেখযোগ্য যে দুবছৰ পূৰ্বে পথটি পকীকৰণ কৰা হৈছিল যদিও অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে এইদৰে বিধ্বস্ত হৈ পৰিছে পথটি আৰু এইদৰেই এতিয়া সদাব্যস্ত এই পথটিয়ে জলা-কলা খুৱাইছে স্থানীয় লোকসকলক ।
এয়া কেৱল মাত্ৰ এটা উদাহৰণহে। দেৰগাঁও বিধানসভা সমষ্টিৰ বৃহত্তৰ অঞ্চলৰ প্ৰায়বোৰ বাট-পথৰ অৱস্থা শোচনীয় । ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বৰ্তমানলৈকে তিনিবাৰকৈ বিধানসভাৰ আসনত অধিষ্ঠিত হোৱা বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক দেৰগাঁও নগৰীয়া ৰাইজে বিভিন্ন সময়ত আবেদন-নিবেদন কৰাৰ পিছতো কোনোধৰণৰ ফল নাপালে অঞ্চলবাসীয়ে । উন্নয়ন কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ থাকিল , কাৰ্যকৰী নহ’ল আজি বাস্তৱ ক্ষেত্ৰত । স্থানীয় বিধায়কৰ বিৰুদ্ধে এনেদৰে এতিয়া ক্ষোভ উজাৰিলে সমষ্টিবাসীয়ে । বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰখনক প্ৰতিটো বাট-পথৰ অৱস্থা উন্নত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

দেৰগাঁও, নিৰঞ্জন দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here