আজি পুৱাই হোজাইত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

0
61

আজি পুৱাই হোজাইত উপস্থিত সাংসদ প্ৰদ্যুত
বৰদলৈ

আমাৰ সময়ঃ হোজাইৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ বুজ লয় সাংসদগৰাকীয়ে । কংগ্ৰেছ নেতা দেৱব্ৰত সাহাক লগত লৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ জিলাৰ যুটীয়া সেৱা সঞ্চালক,অধীক্ষক আৰু চিকিৎসকসকলৰ লগত এক বৈঠকত মিলিত হয় প্ৰদ্যুত বৰদলৈ। আজিও মন্থৰ হোৱা নাই ক’ভিড সংক্ৰমণৰ গতি । প্ৰতিদিনে ইজনৰ পিছত সিজন আক্ৰান্ত হৈছে কৰ’ণাত । তেনে সময়তে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’বলৈ আজি পুৱাই হোজাইত উপস্থিত হয় সাংসদ প্ৰদ্যুত বৰদলৈ । কংগ্ৰেছ নেতা দেৱব্ৰত সাহাৰ লগতে জিলাৰ যুটীয়া সেৱা সঞ্চালক,অধীক্ষক আৰু চিকিৎসকসকলৰ সৈতে এক গুতোত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
হোজাইৰ FRU আৰু যোগীযান ক’ভিড চিকিৎসালয়ৰ পৰিস্থিতিৰো বুজ ল’লে সাংসদগৰাকীয়ে ।

ইপিনে জিলাখনৰ বাবে চৰকাৰে পঠিওৱা ৬ টা ভেন্টিলেটৰ বৰ্তমানলৈকে কাৰ্যক্ষম হৈ নুঠাত ক্ষুব্ধ হৈ উঠে সাংসদগৰাকী । অন্যহাতে পুৱা হোজাইৰ চৰকাৰী চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মিলিকবস্তিৰ ৰামায়ণ চৌধুৰীৰ মৃতদেহৰ বডী বেগ অবিহনে চিকিৎসালয়ৰ চৌহদত বহু সময় উম্মুক্ত অৱস্থাত পৰি থকা ঘটনাক লৈয়ো প্ৰকাশ কৰে প্ৰতিক্ৰিয়াৰ । উল্লেখযোগ্য যে লোকজনে ক’ভিড পৰীক্ষা কৰিবলৈ আহি টেষ্টত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত সাৱটি লৈছিল মৃত্যুক।জিলাখনত ক’ভিড পৰিস্থিতিক লৈ যথেষ্ট সুৰুঙা থকা বুলি মন্তব্য কৰি জিলা উপায়ুক্তৰ লগত পৰ্যালোচনা কৰিব বুলিও মত প্ৰকাশ কৰে সাংসদগৰাকীয়ে । জিলাখনত চিকিৎসক, নাৰ্চ,ৱাৰ্ড বয় ,ৱাৰ্ড গাৰ্ল,অক্সিজেন আদিৰ অভাৱ থকা বুলিও জানিবলৈ দিয়ে বৰদলৈয়ে । আনহাতে জোৰাপুখুৰীত আৰম্ভ হোৱা জিলা চিকিৎসালয়খনতো বৰ্তমানলৈকে পৰ্যাপ্ত চিকিৎসা কৰ্মী নিয়োগ নিদিয়াক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ সমস্যাবোৰ চৰকাৰে সমাধান কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।

হোজাই, প্ৰশান্ত দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here