পেট্ৰল ঢালি পৰিয়ালক মৰাৰ ষড়যন্ত্ৰ /নিশা শুই থকা অৱস্থাতে দুৰ্বৃত্তই ঘৰত লগালে জুই

0
95

নিশা শুই থকা অৱস্থাতে দুৰ্বৃত্তই ঘৰত লগালে জুই

আমাৰ সময়ঃ বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজীৰ সমীপৱৰ্তী গৰৈমাৰী গাঁৱত সংঘটিত হয় অমানৱীয় ঘটনা  । এই অমানৱীয় ঘটনা সংঘটিত হয় বাছেৰ ভূঞাৰ ঘৰত । যোৱা নিশা প্ৰায় ২ বজাত পৰিয়ালৰ লোক নিদ্ৰামগ্ন হৈ থকা অৱস্থাতে ঘৰত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । চাৰিওপিনে টিনপাতৰ আৱেষ্টনীৰে আৱৰি থকা মাটি গুচাই দুৰ্বৃত্তই প্ৰৱেশ কৰে প্ৰথমে চ’ৰা ঘৰত ৷ দলটোৱে লগত লৈ অনা ৩ গেলান পেট্ৰলৰ দুই গেলান চ’ৰা ঘৰত ৰাখি এক গেলান বাছেৰ ভূঞা থকা ঘৰৰ পূবত সিঁচৰিত কৰি লগাই দিয়ে জুই ৷ জ্বলা জুইৰ টিনপাতৰ মেৰমেৰ শব্দত সাৰ পাই উঠে পৰিয়ালৰ লোক ৷ তেওঁলোকৰ চিঞৰ-বাখৰত ওচৰ চুবুৰীয়াই দৌৰা-দৌৰিকৈ বেৰা ভাঙি আহি জুই নুমাবলৈ চেষ্টা কৰে আৰু ইতিমধ্যে দুষ্কৃতিকাৰী পেট্ৰলৰ গেলান তিনিটা এৰি পলায়ন কৰিবলৈ সক্ষম হয় ৷ বাছেৰ ভূঞাৰ পৰিবাৰ, পুত্ৰ-বোৱাৰী আৰু ওচৰ চুবুৰীয়াই দিয়া ভাষ্যমতে সেই সময়ত চাৰিওপিনে কেৱল পেট্ৰলৰ গোন্ধ আৰু জুইৰ শিখাই ছানি ধৰিছিল ৷ সৌভাগ্যক্ৰমে তেনে সময়তে আহিল এজাক বৰষুণ । আনহাতে ওচৰ চুবুৰীয়াৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় আৰু ৰক্ষা পৰে পৰিয়ালটি । পিছে জুইত জাহ যায় প্ৰায় দুই লক্ষাধিক টকাৰ সম্পত্তি । আনহাতে টিনপাতৰ বেৰ ভাঙি দুৰ্বৃত্তই লৈ যায় প্ৰায় ৭০-৮০ হেজাৰ টকাৰ এটা ষাড়গৰু । গৃহস্থৰ সম্পত্তি লৈ পলায়ন দুৰ্বৃত্তৰ । উক্ত ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ৷

বৰপেটা, সেখ ৰহমত উল্লাহ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here