মৈৰাবাৰী আৰক্ষীয়ে চিনাক্ত কৰিলে পলায়ন কৰা ৩২ জন শ্ৰমিকক

0
62

মৈৰাবাৰী আৰক্ষীয়ে চিনাক্ত কৰিলে পলায়ন কৰা ৩২ জন শ্ৰমিকক

আমাৰ সময়ঃ দেশত কৰ’ণাৰ জটিল পৰিস্থিতি । তেনে সময়ত ঠাই বিশেষে চৰকাৰে-প্ৰশাসনে দিছে লকডাউন । বন্ধ হৈ পৰিছে ব্যৱসায় প্ৰতিষ্ঠান । এনে পৰিস্থিতিত নিজ ৰাজ্যলৈ ঘূৰি আহিছে বহিঃৰাজ্যত থকা অসমৰ যুৱকসকল । যোৱা দেওবাৰে কেৰালাৰ পৰা আহি জাগীৰোড ট্ৰেইন ষ্টেচনত নামিছিল বহু যুৱক ।নিৰাপত্তাৰক্ষী নথকাৰ সুযোগ লৈ ক’ভিড টেষ্ট নকৰাকৈ পলায়ন কৰিছিল বহিঃৰাজ্যৰ পৰা অহা শ শ শ্ৰমিক । সেই সকলৰ সৰহ ভাগেই আছিল মৰিগাঁও আৰু নগাঁও জিলাৰ।
আজি মৰিগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ নিৰ্দেশ মৰ্মে মৰিগাঁও আৰু মায়েং আৰক্ষীয়ে পলায়ন কৰা লোকসকলক চিনাক্ত কৰি মৈৰাবাৰী আৰক্ষীৰ সহযোগত মৈৰাবাৰী FRUত ক’ভিড টেষ্ট কৰায় । লগতে ক’ভিড ফলাফল নহালৈকে কুৱাৰেন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ৩২ জন লোকৰ মাজৰ পৰা ধৰা পৰিছে দুজন ক’ভিড পজেটিভ । ক’ভিড পজিটিভ লোককেইজনক প্ৰেৰণ কৰা হয় লাহৰীঘাট ব্লক PHCৰ ক’ভিড চিকিৎসা কক্ষলৈ ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here